Breaking News

গোলাঘাটত আলোচনা চক্ৰ আৰু গ্ৰন্থ উন্মোচনী সভাঃ টেঙানী শীৰ্ষক গ্ৰন্থ উন্মোচন



গোলাঘাট শিশু ভৱনত নতুন সাহিত্য পৰিষদৰ উদ্যোগত আজি এখনি আলোচনা চক্ৰ আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায়। নতুন সাহিত্য পৰিষদ, গোলাঘাট শাখাৰ সভানেত্ৰী শ্ৰীযুতা চফিয়া হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিভিন্ন অঞ্চলৰ প্ৰায় অৰ্দ্ধ শতাধিক সদস্যই অংশগ্ৰহণ কৰে।  বিশিষ্ট লোকসংগীতৰ শিল্পী  ৰুমী শইকীয়া আৰু তেখেতৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিবেশিত এটি লোকগীতেৰে উদ্বোধন কৰা  সভাখনত নতুন সাহিত্য পৰিষদৰ সদস্য মণিকংকনা বৰবৰাই প্ৰনয়ন কৰা 'টেঙানী' শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰে প্ৰবীণ সাংবাদিক তথা সাংবাদিক পেঞ্চনাৰ দ্বিপেন দত্তই। 

আলোচনা চক্ৰত বৰ্তমান ভাৰতীয় আইন ব্যৱস্থাৰ সম্পৰ্কত মননশীল বক্তব্য আগবঢ়াই অধিবক্তা ভৱেশ দত্তই। 

No comments