Breaking News

হেলচীজান চেংকলা গাঁৱৰ ধোদৰ আলিৰ মাজেৰে হাতী দণ্ডি নিৰ্মাণৰ বিৰোধীতা গাঁওবাসীৰ। গোলাঘাট জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ



হেলচীজান চেংকলা গাঁৱৰ ধোদৰ আলিৰ মাজেৰে হাতী দণ্ডি নিৰ্মাণৰ বিৰোধীতা কৰিছে। এই সন্দৰ্ভত ইতিমধ্যে গাঁওবাসীয়ে গোলাঘাট জিলাৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। গাঁওবাসীয়ে জানিবলৈ দিয়া অনুসৰি  উক্ত গাঁৱৰ মাজেৰে যোৱা ঐতিহাসিক ধোদৰ আলিত বিভাগে হাতী দণ্ডি হিচাপে (elephant corridor)  চিনাক্ত কৰি  হাতীৰ দণ্ডি  (elephant corridor) নিৰ্মাণাথে যো-জা চাইছে।  যুগ যুগ ধৰি  গাঁওবাসীয়ে উক্ত অঞ্চলত খেতি পথাৰ কৰি জীৱন নিৰ্বাহ কৰি আহিছে। কাৰণ উক্ত অঞ্চলত বনৰীয়া হাতীয়ে কোনো দিনে উপদ্রপ চলোৱা নাই। উপদ্ৰৱটো চলোৱা দূৰৰ কথা বনৰীয়া হাতী কেতিয়াবা আহিলেও হেলচীজান চেংকলা গাঁৱৰ মাজেৰে ধোদৰ আলিৰ ওপৰেদি অহা  যোৱা কৰা দেখা নাই। ইফালে  আজি পৰ্যন্ত কোনো লোকৰ খেতি পথাৰ আদি কৰি  ঘৰ - দুৱাৰ আদি অনিষ্ট কৰা গাঁওবাসীয়ে দেখা নাই।  তেনেস্থলত গাঁৱৰ মাজেৰে যোৱা ঐতিহাসিক ধোদৰ আলিত হাতী দণ্ডি বুলি চিনাক্ত পথত হাতী দণ্ডি নিমাণ কৰিবলৈ লোৱা কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰিছে গাঁওবাসীয়ে। কিয়নো চি অঞ্চলত হাতী দণ্ডি নিৰ্মাণৰ যো-জা চলাইছে উক্ত এলেকাৰ মাজেৰে যোৱা ধোদৰ আলিয়েদি হাতী পাৰ নহয়৷ সেয়েহে বন বিভাগৰ এনে সিদ্ধান্ত মানি ল’ব পৰা নাই হেলচীজানবাসীয়ে। 

গাঁওবাসীয়ে অভিযোগ কৰে যে যদিহে উক্ত অঞ্চলত হাতী দণ্ডি নিমাণ কৰে অনাগত দিনত গাঁওবাসীৰ অসুবিধাত পৰাতো নিশ্চিত। সেয়ে উক্ত  এলেকাত থকা ধোদৰ আলিত হাতী দণ্ডি নিমাণ সিদ্ধান্ত বাতিল কৰিবলৈ স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনাইছে গাঁওবাসীয়ে। 

No comments