Breaking News

গুৱাহাটীৰ পিয়ানো কিড্‌ছৰ অন্তৰংগ মঞ্চ উদ্বোধন


অসমৰ প্ৰখ্যাত পিয়ানো বাদক কুশল কৃষ্ণ দেৱ গোস্বামীৰ দীৰ্ঘদিনীয়া সপোন অৱশেষত বাস্তবায়ীত হয় তেওঁৰ অন্তৰংগ মঞ্চ ‘‘জীৱকৃষ্ণ’’ৰ উদ্বোধনৰ লগতে ‘স্কেল ষ্টাডি’ নামৰ পশ্চিমীয়া সংগীতৰ ওপৰত প্ৰণিত এখন কিতাপ আগশাৰীৰ সংগীত প্ৰতিষ্ঠান পিয়ানো কিড্‌ছৰ মঞ্চত মুকলি কৰাৰ লগে লগেই৷ অনুষ্ঠানতো মহাপুৰুষ শ্ৰীমন্ত শংকদেৱ আৰু মাধৱদেৱৰ ভক্তিমূলক সুৰ ‘মুক্তিতো নিস্প্ৰীহ যিটো’ৰ দ্বাৰা আৰম্ভ হৈছিল, যাক কুশল কৃষ্ণ দেৱ গোস্বামীয়ে স্বৰলিপিলৈ ৰূপান্তৰ কৰিছিল আৰু প্ৰতিষ্ঠানটোৰ শিক্ষাথীৰ্সকলে বাদ্যসংগত কৰিছিল৷ ইয়াৰ পিছতে অসমৰ বিশিষ্ট সংগীতজ্ঞ সূৰ্য গোস্বামীয়ে পৰম্পৰাগতভাৱে বন্তি প্ৰজ্বলন কৰে৷ কুশল কৃষ্ণ দেৱ গোস্বামীৰ প্ৰয়াত পিতৃৰ স্মৃতিত স্থাপিত অন্তৰংগ মঞ্চ উদ্বোধন কৰাৰ পিছত গোস্বামীয়ে কয়, ‘‘এই সংহত মঞ্চই ৰাজ্যখনত বহুতো প্ৰতিভা বিকাশ ঘটোৱাত যথেষ্ট সহায় কৰিব৷’’ এই স্বকীয় আৰু আকৰ্ষণীয় মঞ্চখন পিয়ানো কিড্‌ছৰ সকলো শিক্ষাথীৰ্ৰ বাবে প্ৰতিভা বিকাশৰ মঞ্চ হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ জীৱকৃষ্ণত অংশগ্ৰহণকাৰীসকলৰ সৃজনশীলতা বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিভিন্ন কাৰ্যকলাপ অন্তভূক্ত কৰা হ’ব৷ ‘জীৱকৃষ্ণ’ মঞ্চখন সকলোৰে বাবে প্ৰকৃতাৰ্থত এক অসামান্য আৰু অতুলনীয় অভিজ্ঞতা হ’ব বুলি আশা কৰা হৈছে৷ এটা আদৰ্শ মঞ্চ প্ৰস্তুত কৰাটো গোস্বামীৰ এটি দীৰ্ঘদিনীয়া সপোন য’ত শিক্ষাথীৰ্সকলে নিজকে সম্পূৰ্ণভাৱে নিমজ্জিত কৰিব পাৰে আৰু বন্ধুত্বপূৰ্ণ শিক্ষণ পৰিৱেশত স্ব-প্ৰতিভাৰে জিলিকিব পাৰে৷

পশ্চিমীয়া সংগীতৰ ওপতৰ স্বৰলিপিৰ ‘স্কেল ষ্টাডি’ কিতাপখন ড০ ৰিপু কুমাৰ গগৈ আৰু   ড০ দেৱব্ৰত খনিকৰে মুকলি কৰিছিল৷ দুয়োগৰাকী উন্মোচকে দেৱ গোস্বামীক পিয়ানো সংগীতৰ ক্ষেত্ৰখনত তেওঁৰ অপৰিসীম অৱদানৰ বাবে প্ৰশংসা কৰিছিল৷ কুশল কৃষ্ণ দেৱ গোস্বামীয়ে যথেষ্ট শ্ৰম আৰু নিষ্ঠাৰে এখন কিতাপ প্ৰস্তুত কৰিছে আৰু কিতাপখন গুৰুত্বপূৰ্ণ সংগ্ৰহেৰে পৰিপূৰ্ণ৷ দেৱ গোস্বামীৰ স্কেল ষ্টাডিয়ে ভৱিষ্যতে শিক্ষাৰ্থী, সংগীতজ্ঞ আৰু পিয়ানো উৎসাহীসকলৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিব৷

অনুষ্ঠানটোত ৰিতুৰাজ মহন্তৰ দ্বাৰা নিৰ্মাণৰত পিয়ানো কিড্‌ছৰ বহু প্ৰত্যাশিত ৱেবছাইটোও কুশল কৃষ্ণ দেৱ গোস্বামীয়ে মুকলি কৰিছিল৷

সন্ধিয়াটো পিয়ানো কিড্‌ছ প্ৰতিষ্ঠানৰ কিছুমান শিক্ষাথীৰ্য়ে জুবিন গাৰ্গৰ জনপ্ৰিয় ‘মায়াবিনী’, ড০ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি ‘হে দোলা হে দোলা’ আৰু জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ..’ প্ৰদৰ্শন কৰে৷ অনুষ্ঠানটোত অষ্টম বাৰ্ষিক দিৱস উদ্‌যাপন সমিতিৰ প্ৰাক্তন বিষয়ববীয়াসকলকো সম্বৰ্ধনা জনোৱা হয়৷ যাৰ ভিতৰত আছে ড০ ৰিপু কুমাৰ গগৈ, ড০ দেৱব্ৰত খনিকৰ, প্ৰজ্ঞান দুৱাৰা, ৰূপৰেখা দত্ত, পৰাগ কুমাৰ গোহাঁই, কাজল গোস্বামী, ৰূপাংকৰ বৰুৱা আৰু ৰিতুৰাজ মহন্ত৷

No comments