Breaking News

ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বৰপেটা সত্ৰৰ পৰম পূজ্য বুঢ়া সত্ৰাধিকাৰ বশিষ্ট দেৱ শৰ্মাৰ প্ৰভূৰ মহাপ্ৰয়ান



ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বৰপেটা সত্ৰৰ পৰম পূজ্য বুঢ়া সত্ৰাধিকাৰ, শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে বিভূষিত বশিষ্ট দেৱ শৰ্মাৰ প্ৰভূৰ আজি মহাপ্ৰয়াণ হয়। ২০০৭ চনত বুঢ়াসত্ৰীয়া হিচাপে দায়িত্ব গ্ৰহণ কৰা বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ মহাপ্ৰয়াণৰ  মৰ্মাহত ৰাজ্যবাসী। সত্ৰীয়া সংস্কৃতিৰ  লগতে মহাপুৰুষ দুজনাৰ আদৰ্শ আৰু আধ্যাত্মিক বাণী প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত তেখেতৰ অৱদান সদায় চিৰস্মৰণীয়।  ইয়াৰোপৰি দেশ শৰ্মাৰ অসমৰ সমাজ জীৱনক মিলনভূমিলৈ পৰিণত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানক অসমবাসীয়ে সদায়ে স্মৰণ কৰিব । মহাপুৰুষ দুজনাৰ একান্ত অনুগামী, বৰপেটা সত্ৰৰ পৰম পূজনীয় বুঢ়া সত্ৰীয়া  দেৱশৰ্মাদেৱ আছিল এক অনুষ্ঠান সদৃশ৷ ৷ তেখেতে ৰিক্ত কৰা এই স্থান অপূৰণীয় হৈ ৰ'ব ৷ শ্ৰদ্ধাৰ বুঢ়া সত্ৰীয়াদেৱৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তি কামনা কৰি তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ৷

বুঢ়া সত্ৰীয়াদেৱৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে ৷ প্ৰভূ জনাৰ পূণ্যাত্মাই বৈকুণ্ঠলৈ গমন কৰক, এয়ে কামনা কৰিছোঁ। 

No comments