Breaking News

গোলাঘাট শংকৰদেৱ শিশু-বিদ্যা নিকেতনত ৰূপালী জয়ন্তী বৰ্ষৰ জনকল্যাণমূলক কাৰ্যক্ৰম হিচাপে বিনামূলীয়া চকু পৰীক্ষা শিবিৰ

 


ডিজিটেল সংবাদ,গোলাঘাট ... আজি শংকৰদেৱ শিশু-বিদ্যা নিকেতন, গোলাঘাট ৰ ৰূপালী জয়ন্তী বৰ্ষৰ জনকল্যাণমূলক কাৰ্যক্ৰম হিচাপে বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ  আয়োজন কৰা হয়।  গোলাঘাট লায়ঞ্চ ক্লাব, যোৰহাট লায়ঞ্চ চকু চিকিৎসালয়,নুমলীগড় তেল শোধানাগাৰ আৰু সদাশয় ৰাইজৰ সহযোগত আয়োজন কৰা এই চকু পৰীক্ষা শিবিৰত মুঠ ২০৮ গৰাকী ব্যক্তিৰ চকু পৰীক্ষণ কৰা হয় ।


লগতে এই  শিবিৰত   ৪৩ গৰাকী চকুত চানি পৰা ৰোগী চিনাক্ত কৰা হয় । এই ৪৩ গৰাকী ৰোগীক এসপ্তাহৰ ভিতৰত অহা যোৱাৰ  ব্যৱস্থা বহন  কৰি  বিনামূলীয়া অস্ত্ৰোপ্ৰচাৰ কৰি অনাৰ দায়িত্ব নিকেতন কতৃপক্ষই গ্ৰহণ কৰিছে ।

No comments