Breaking News

কলিয়াবৰ প্ৰেছ ক্লাৱৰ উদ্যোগত সংবাদ জগতৰ পিতামহ তিলক হাজৰিকা সোঁৱৰনী তৰ্ক প্ৰতিযোগীতা ।

ডিজিটেল সংবাদ, কলিয়াবৰঃঅসমৰ  সংবাদ জগতৰ পিতমহ তথা সাদিন কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক তিলক হাজৰিকৰ আজি মৃত্যু তিথি ৷ এই উপলক্ষে মহান মনিষী গৰাকীৰ স্মৃতি সুঁৱৰি কলিয়াবৰ প্ৰেছ ক্লাৱৰ উদ্যোগত আজি মহকুমা ভিত্তিত কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিলে  বিশিষ্ট সাংবাদিক তিলক হাজৰিকা সোঁৱৰণী তৰ্ক  প্ৰতিযোগীতা ৷ কলিয়াবৰ প্ৰেছ ক্লাবৰ বছৰজোৰা ৰূপালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি আয়োজিত এই প্ৰতিযোগীতাত আমন্ত্ৰিত অতিথি স্বৰূপে উপস্থিত থাকি অসমৰ সংবাদ জগতৰ মহীৰূহ তিলক হাজৰিকাৰ দুহিতা মঞ্জুৰী বৰাই পিতৃৰ স্মৃতি সুঁৱৰি স্মৃতিকাতৰ হৈ পৰে ৷ ভাষনত তেঁও কয় - দেউতাৰ মনত এটা আক্ষেপ থাকি গ’ল যে পুথিভঁৰাললৈ পিঠি  দি ভৰিৰ তলৰ মাটি হেৰুৱাই নৱ প্ৰজন্মই সামাজিক মাধ্যমক গুৰুত্ব প্ৰদান কৰি আহিছে ৷ আজিৰ প্ৰজন্মই  সাংবাদিকতা তথা সাম্প্ৰতিক পৰিবেশ সমূহ শিকিবলৈ চেষ্টা নকৰে ৷ আজিৰ প্ৰজন্মই ম’বাইল ,টিভিৰ সৈতে অধিক সময় অতিবাহিত কৰাৰ বিপৰীতে বাতৰি কাকত আৰু কিতাপ অধ্যয়নৰ পৰা আতৰি থকা বিষয়টো অতি দুৰ্ভাগ্যজনক ৷ ছাত্ৰ-ছাত্ৰীক বৌদ্ধিক-মানসিক উত্তৰনত পদক্ষেপ গ্ৰহনৰে এই অনুষ্ঠানৰ আয়োজক কলিয়াবৰ প্ৰেছ ক্লাৱক শলাগ লৈ মঞ্জুৰী বৰাই লগতে কয় - আজিৰ এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহন তথা উৎসাহ দেখি দেউতাৰ সেই শংকা  যে  অমূলক আছিল এই ধাৰনা হে এই মূহূৰ্তত মোৰ মনলৈ আহিছে ৷ ছাত্ৰ -ছাত্ৰী সকলক উদ্দেশ্যি দিয়া ব্যক্তব্যত আমন্ত্ৰিত অতিথি গৰাকীয়ে লগতে কয়--দেউতাই সৰুতে আমাক তৰ্ক প্ৰতিযোগীতাত অংশগ্ৰহন কৰিবলৈ অনুপ্ৰেৰনা যোগায় আহিছিল ৷দেউতাই আমাক শিকাইছিল যে কথা কওতে অথবা লিখোতে বেচি কাব্য অথবা শব্দত বেচি সংঘাত নানিবা ৷ অতি সাধাৰন ভাষাত মনৰ ভাৱ প্ৰকাশ কৰিব লাগে যি সৰ্বসাধাৰনে সহজে উপলব্ধি কৰিব পাৰে ৷  প্ৰতিযোগীতা খণি আৰম্ভ হোৱাৰ পূৰ্বে বিশিষ্ট সাংবাদিক গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ  ড০ হিৰন্য কুমাৰ চলিহাই ৷ কলিয়াবৰ মহকুমাৰ এঘাৰ খন বিদ্যালয়ৰ মুঠ ৪৪ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহন কৰা  প্ৰতিযোগিতা খনি নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় । “সামাজিক মাধ্যমৰ বহুল ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ সামগ্ৰীক বিকাশত ক্ষতি কৰিছে" শীৰ্ষক বিষয়ৰ ওপৰত অনুষ্ঠিত প্ৰতিযোগিতা খনি সঞ্চালিকাৰ আসন শুৱনি কৰিছে শিলঘাটৰ কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নৱনীতা দলবৰুৱাই।

No comments