Breaking News

APSC পৰীক্ষাৰ ফলাফলত চিৰাঙৰ বিজনীৰ দুগৰাকী ব্যক্তিয়ে উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

 


ডিজিটেল সংবাদ, চিৰাংঃ  APSC পৰীক্ষাৰ ফলাফলত চিৰাঙৰ বিজনীৰ দুগৰাকী ব্যক্তিয়ে উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ব্যক্তি দুগৰাকী সুদেমপুৰী নিৱাসী প্ৰশান্ত গয়াৰী আৰু অক্সাগুৰী নিৱাসী ইন্দ্ৰজিৎ দাস। APSC পৰীক্ষাৰ ফলাফলত ৬৬ স্থানত উত্তীৰ্ণ হৈ চিৰাঙৰ বিজনীলৈ গৌৰৱ কঢ়িয়াই আনিলে অক্সাগুৰী গাঁওৰ ইন্দ্ৰজিৎ দাসে । বিজনী মহকুমাৰ অন্তৰ্গত উত্তৰাঞ্চলৰ ভিতৰুৱা গাঁও অক্সাগুৰী নিৱাসী ক্ষুদ্ৰ কৃষক নৃপেন দাস আৰু অৰ্চনা দাসৰ কনিষ্ঠ পুত্ৰ ইন্দ্ৰজিৎ দাসৰ এই সফলতাত অক্সাগুৰী গাঁওত আনন্দ উৎসাহৰ ঢৌ পৰিলক্ষিত হয়। গাওঁ খনৰ ৰাইজে শনিবাৰে অক্সাগুৰী চ'কৰ পৰা ইন্দ্ৰজিৎ দাসক বেণ্ড পাৰ্টী ফুলৰ মালা গামোচাৰে আদৰণী জনায়।


ইফালে ইন্দ্ৰজিতৰ এই সাফল্যৰ বাবে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰয়ৰ লগতে স্থানীয় দ'ল সংগঠনৰ নেতৃবৃন্দ ইন্দ্ৰজিতৰ বাসগৃহত উপস্থিত হৈ তেওঁক আদৰণি জনায়। ক্ষুদ্ৰ কৃষক নৃপেন দাসে অতি কষ্টৰে খেতিৰ কাম কৰাৰ লগতে বিয়লি অক্সাগুৰী চ'কত সৰুকৈ এখন চানাৰ দোকান কৰি নিজ পত্নী আৰু চাৰিজন পুত্ৰ এগৰাকী কন্যা সহ সাত  জনীয়া পৰিয়ালটোক পোহপাল দিছিল। জেষ্ঠ পুত্ৰৰ মৃত্যুৰ পিছত কনিষ্ঠ পুত্ৰ ইন্দ্ৰজিৎ দাস APSC পৰীক্ষাত উত্তীৰ্ণ হোৱাত পৰিয়ালটোৰ লগতে গাঁওখনত আনন্দৰ জোৱাৰ তোলে। আনহাতে বিজনী সুডেমপুৰী নিৱাসী প্ৰশান্ত গয়াৰী APSC পৰীক্ষাৰ ফলাফলত ৫৭ স্থানত উত্তীৰ্ণ হৈ বৃহত্তৰ বিজনীৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সুদেমপুৰী নিৱাসী তথা বিজনী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত লাট মণ্ডল কৰেন গয়াৰী আৰু মৈলানিলি গয়াৰীৰ পুত্ৰ প্ৰশান্ত গয়াৰী।


No comments