Breaking News

গোলাঘাট জিলাৰ এখন অন্যতম শিক্ষানুষ্ঠান কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আনন্দমুখৰ পৰিৱেশৰ সুচনা হয়।বিদ্যালয়ৰ দুজনকৈ প্ৰাক্তন ছাত্ৰই অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত সফলতা লাভ কৰিছে

ডিজিটেল সংবাদ,দেৰগাঁও...গোলাঘাট জিলাৰ এখন অন্যতম শিক্ষানুষ্ঠান কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আনন্দমুখৰ পৰিৱেশৰ সুচনা হয়। উল্লেখ্য যে, কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুজনকৈ প্ৰাক্তন ছাত্ৰই যোৱাকালি ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত সফলতা লাভ কৰিছে। শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন ছাত্ৰ প্ৰাণজিৎ দত্তই খণ্ড উন্নয়ন বিষয়া হিচাপে নিৰ্বাচিত হৈছে লগতে শিক্ষানুষ্ঠানখনৰে অন্য এগৰাকী প্ৰাক্তন ছাত্ৰ নেত্ৰকমল বৰাই অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ১২১ জনৰ ভিতৰত ৩৭ সংখ্যক স্থানত উত্তীন হৈ শিক্ষানুষ্ঠানখনৰ লগতে সমগ্ৰ দেৰগাঁৱলৈ  গৌৰব কঢ়িয়াই আনিছে। শনিবাৰে পুৱা বিদ্যালয়খনৰ প্ৰাত:সভাত খণ্ড উন্নয়ন বিষয়া হিচাপে নিৰ্বাচিত হোৱা প্ৰাণজিৎ দত্তক সৰ্ম্বধনা জনায়। নিজৰ শিক্ষাগুৰুৰ পৰা সম্বধনা গ্ৰহন কৰি প্ৰাণজিৎ দত্তই ছাত্ৰ-ছাত্ৰীক উদেশ্য কৰি বক্তব্য প্ৰদান কৰে। অন্যহাতে নেত্ৰকমল বৰাই ডিব্ৰুগড়ৰ এখন শিক্ষানুষ্ঠানত কমৰত হৈ আছে আৰু তেখেত দেৰগাৱৰ গৃহলৈ আহিলে বিদ্যালয় কতৃপক্ষই সৰ্ম্বধনা জনাব।


No comments