Breaking News

দৈগ্ৰোং নদীৰ অবৈধ বালি আনিবলৈ গৈ ৰহস্যজনক মৃত্যু ট্ৰাক চালকৰ

 

ডিজিটেল সংবাদ ,নুমলীগড়.... দৈগ্ৰোং নদীৰ অবৈধ বালি আনিবলৈ গৈ ৰহস্যজনক মৃত্যু ট্ৰাক চালকৰ। পানীত ওপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। হত্যাৰ সন্দেহ পৰিয়ালৰ নুমলীগড়ৰ বগীজান আৰক্ষী থানাৰ অধীনৰ দৈগ্ৰোং নদীৰ সুন্দৰপুৰ দীপক ঘাটত গা ধুৱলৈ গৈ সন্ধানহীন হৈছিল এজন ট্ৰাক চালক।নাম বিশ্বজিৎ কৰ্মকাৰ। শুক্ৰবাৰে সন্ধিয়া সংঘটিত হৈছিল এই ঘটনা।ট্ৰাক চালকজনে দৈগ্ৰোং নদীৰ নামবৰ - দৈগ্ৰোং অভয়াৰণ্যৰ বনাঞ্চল স্পৰ্শকাতৰ এলেকাৰ পৰা অবৈধ ঘাটৰ বালি আনিবলৈ গৈ দৈগ্ৰোং নদীত নামিছিল গা ধুবলৈ ৷  নদীৰ পাৰত শুকুৰবাৰে চালক বিশ্বজিতৰ চেন্ডেল জোৰ উদ্বাৰ হোৱা  আৰু আজি নদীত ওপঙি থকা অবস্থাত মৃতদেহ উদ্ধাৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।ইফালে শুকুৰবাৰে ঘটনা স্হলীত বগীজান আৰক্ষী উপস্হিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে যদিও সন্ধান পোৱা নাছিল  বিশ্বজিৎৰ। অন্যহাতেদি বিশ্বজিৎৰ পৰিয়ালৰ লোকৰ মতে সমগ্ৰ ঘটনাৰ ৰহস্যৰ গোন্ধ পাইছে। মৃতদেহ উদ্ধাৰৰ পিছত চালকজনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে ব্যবস্থা কৰিছে ৷ সঠিক তদন্তত হে পোহৰলৈ আহিব প্ৰকৃত সত্য। অবৈধ বালি খনন তথা নামবৰ - দৈগ্ৰোং বনাঞ্চলৰ ইক’ চেনছিটিভ জ’ন হিচাপে ঘোষিত এলেকাত কাৰ ছত্ৰছায়াত বালি খনন চলি আছে  সেয়া এক তদন্তৰ আওতালৈ আহিব লাগে বুলিও দাবী উঠিছে ৷ গোলাঘাটৰ বনবিভাগ আৰু বকিয়াল খণ্ড বন বিষয়া কুলদীপ বৰ্মণৰ ছত্ৰছায়াত ছলি আছে অবাধ বন ধ্বংসযজ্ঞ ৷ শুকুৰবাৰে সংঘটিত ঘটনাই পুনৰ প্ৰমাণিত কৰিলে নামবৰ - দৈগ্ৰোং অভয়াৰণ্যৰ অবাধ ধ্বংশযজ্ঞ ৷ইফালে বিতৰ্কিত বকিয়াল খণ্ড বন বিষয়াগৰাকীৰ বদলীৰ নিৰ্দেশ অহাৰ পাছতো কাৰ আশীৰ্বাদত পুনৰ বদলীকৰণ স্থগিত ৰখা হ’ল তাক লৈও এতিয়া সৃষ্টি হৈছে ৰহস্যৰ।

No comments