Breaking News

ধুবুৰীত পৌৰ কৰ্মচাৰীৰ এদিনীয়া ধৰ্মঘট পালন।


ডিজিটেল সংবাদ, ধুবুৰীঃ 
ধুবুৰীত পৌৰ কৰ্মচাৰীৰ এদিনীয়া ধৰ্মঘট পালন।সদৌ অসম পৌৰনিকায় কৰ্মচাৰী সন্থাৰ আহবান মৰ্মে আজি ধুবু্ৰী পৌৰসভা কাৰ্যালয়ত পৌৰ কৰ্মচাৰী সকলে পুৱা ৫বজাৰ পৰা আবেলি ৫  বজালৈ  এদিনীয়া ধৰ্মঘট  কাৰ্যসুচী পালন কৰে।সদৌ অসম পৌৰনিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ পৌৰকৰ্মচাৰী সকলৰ মাহ মাহ ধৰি অনাদায় দৰমহা আদায়, পৌৰসভা সমূহত কৰ্মৰত পৌৰকৰ্মচাৰী সকলৰ চাকৰি চৰকাৰীকৰণৰ সিদ্ধান্ত কাৰ্য্যকৰী কৰা, সুনিৰ্দিষ্ট কৰ্মচাৰীৰ গাঁঠনি (Staffing Pattern)ৰ চৰকাৰী অধিসূচনা জাৰি কৰা, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পৌৰকৰ্মচাৰীসকলৰ চাকৰি চৰকাৰীকৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা, ৰাজ্যখনৰ অৱসৰপ্ৰাপ্ত পৌৰ কৰ্মচাৰীসকলৰ বৰ্ধিত হাৰৰ অনাদায় দৰমহা আৰু অন্যান্য সা-সুবিধাসমূহ অতিশীঘ্ৰে আদায় দিয়া, পৌৰসভা সমূহত কৰ্মৰত হৰিজন আৰু চাফাই কৰ্মচাৰীসকলৰ লগতে ফিক্স-পে আৰু ঠিকাভিত্তিত নিয়োজিত কৰ্মচাৰীসকলক অনুমোদিত Staffing Pattern অনুসৰি অতিশীঘ্ৰে নিয়মীয়াকৰণ কৰি ৰেগুলাৰ পে-স্কেল আদায় দিয়া আদি বিভিন্ন দীর্ঘদিনীয়া সমস্যা সমূহৰ সমাধানৰ দাবীত উক্ত ধৰ্মঘট কাৰ্সুচীত ধুবুৰীৰ পৌৰ কৰ্মচাৰী  সকলে তেওঁলোকৰ অনাদায় ধৰমহা আদায় দিয়াৰ বাবে বিভিন্ন শ্লগানেৰে কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে ।


No comments