Breaking News

তিনিদিনীয়া কাৰ্য্যসূচীৰে আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উৎসৱৰ আয়োজন

ডিজিটেল সংবাদ, কলিয়াবৰঃ তিনিদিনীয়া কাৰ্য্যসূচীৰে আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উৎসৱৰ আয়োজন।অহা ইংৰাজী ৩০ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উৎসৱৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ ব্যাপক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ১৯৫৩ চনতে প্ৰতিষ্ঠা লাভ কৰা আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই ৭০ বছৰীয়া পৰিক্ৰমাত কোনো জয়ন্তী অনুষ্ঠিত হোৱা নাছিল। সেয়েহে এই হীৰক জয়ন্তী উৎসৱৰ ব্যাপক কাৰ্যসূচী হাতত লৈছে উদযাপন সমিতিয়ে। ৩০ নৱেম্বৰ পুৱা ৯ বজাত জিতেন্দ্ৰ চন্দ্ৰ বনিক আৰু সুধাৰানী বনিকৰ স্মৃতিত পুত্ৰ প্ৰাণকৃষ্ণ বনিকে আগবঢ়োৱা বিদ্যালয়ৰ নৱ নিৰ্মিত তোৰণ উন্মোচন কৰিব গুৱাহাটী বেংগলী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মঞ্জুৰাণী বনিকে। পুৱা ৯-৩০ বজাত  হীৰক জয়ন্তীৰ ৭০ খন পতাকা উত্তোলন কাৰ্যসূচীৰ মুখ্য উত্তোলক হিচাপে উপস্থিত থাকিব স্থানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন। ইয়াৰ পাছতে শ্বহীদ তৰ্পণ,স্মৃতি তৰ্পণ আৰু মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত  স্থানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে মুখ্য অতিথি, প্ৰাক্তন ছাত্ৰ নেতা মনি মাধৱ মহন্তই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। সন্ধিয়া বন্তি প্ৰজ্বলন আৰু বিদ্যালয়ৰ ছাত্র-ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীৰ সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ব। আজি হীৰক জয়ন্তী উৎসৱ উদযাপন সমিতিৰ মুখ্য সম্পাদক হিমেন ভূঞাই যুটীয়া সম্পাদক প্ৰাণকৃষ্ণ বনিক সম্পাদক ধীৰাজ ৰয়,অসিত কুমাৰ সাহাৰ উপস্থিতিত সংবাদমেল আয়োজন কৰি এই কথা জানিবলৈ দিয়ে।

No comments