Breaking News

টীয়কৰ বনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আস্থা দিনৰ লগত সংগতি ৰাখি নিচাযুক্ত দ্ৰব্যৰ সম্পৰ্কত সজাগতা সভা:

ডিজিটেল সংবাদ, টীয়কঃ টীয়কৰ বনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আস্থা দিনৰ লগত সংগতি ৰাখি নিচাযুক্ত দ্ৰব্যৰ সম্পৰ্কত সজাগতা সভা:আজি ভাৰত ৰত্ন বিশ্ব বৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ ১১ সংখ্যক মৃত্যু তিথি।সমগ্ৰ অসমৰ লগতে টীয়কৰ অন্যতম এক আগশাৰীৰ শিক্ষানুষ্ঠান বনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়তো অনুষ্ঠিত কৰা দেখা গল আস্থাৰ দিন। বিদ্যালয়ৰ সহ শিক্ষক ৰাজদ্বীপ গগৈয়ে আঁতধৰা অনুষ্ঠানটোত সমাজকৰ্মী তুষাৰ পালে গণ শিল্পী জনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পঞ্জলি কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।বন্তি প্ৰজ্বলন পাছতে আস্থা দিনৰ লগত সংগতি ৰাখি নিচাযুক্ত দ্ৰব্যৰ সম্পৰ্কত এক সজাগতা সভা অনুস্থিত কৰা বিদ্যালয়ৰ প্ৰাংগনত ।উক্ত সভাতে চেলেংহাট হেল্থ ক্লাবৰ সঞ্চালক তথা সমাজ কৰ্মী তুষাৰ পালে নিচাযুক্ত দ্ৰব্যৰ সম্পৰ্কত এক সজাগতা মূলক বক্তব্য ৰখাৰ লগতে উক্ত কাৰ্য সূচিত সাংবাদিক বিৰাজ কুমাৰ বৰা,দেৱ বিকাশ দত্ত উপস্থিত থাকে।  বিদ্যালয়ৰ প্ৰধান শিক্ষক ধ্ৰুৱ জ্যোতি বৰা,শিক্ষক ৰাজীৱ তামূলী আৰু বিদ্যালয় খনৰ দশম শ্ৰেণীৰ ছাত্ৰ প্ৰিয়াংকু দ্বীপ শৰ্মাই সুধাকণ্ঠৰ জীৱন শৈলী লগতে নিচাযুক্ত দ্ৰব্যৰ অপকাৰীতা ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।  বিদ্যালয় খনৰ দশম শ্ৰেণীৰ ছাত্ৰী শান্তি প্ৰিয়া হাজৰিকা আৰু বিষয় শিক্ষয়িত্ৰী অৰ্চনা বৰাই সুধাকণ্ঠ গৰাকীৰ দুটাকৈ কালজয়ী গীত পৰিৱেশনেৰে সভা খনৰ উপস্থিত সকলোকে মনমুগ্ধ কৰে। লগতে উক্ত কাৰ্য সূচিত তুষাৰ পালৰ নিচামুক্তি ৰোধৰ সম্পৰ্কত প্ৰকাশ কৰি উলিওৱা গ্ৰন্থ " ড্ৰাগছ আৰু বৰ বিহ' প্ৰদান কৰা হয়।



No comments