Breaking News

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ একাদশ মৃত্যু বাৰ্ষিকী, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ একাদশ মৃত্যু বাৰ্ষিকী,

 


ডিজিটেল সংবাদ, শিৱসাগৰঃ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ একাদশ মৃত্যু বাৰ্ষিকী,  নাজিৰা গান্ধী ময়দানত সুধাকন্ঠ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন তথা শ্ৰদ্ধাঞ্জলি জ্ঞাপন বিধায়ক দেৱব্ৰত শইকীয়াৰ...নাজিৰাতো বিশ্ববিশ্ৰুত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ একাদশ মৃত্যু বাৰ্ষিকী সফলতাৰে পালন কৰা । স্বেচ্ছাসেৱী অনুষ্ঠান "প্ৰৱাহ"ৰ উদ্যোগত নাজিৰা গান্ধী ময়দানত সুধাকন্ঠ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি স্থানীয় বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অসম আৰু অসমীয়া জাতিক বিশ্ব দৰবাৰত চিনাকী কৰাই সংগীত, সংস্কৃতিৰ জৰিয়তে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ উপৰি অসমৰ পুৰুধা ব্যক্তিসকলৰ প্ৰতিমূৰ্তি থকা স্থানত চৰকাৰী, বে- চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে উদ্যোগলৈ জন্ম, মৃত্যু বাৰ্ষিকী উদযাপনৰ বাবে সদনৰ মজিয়াত ব্যক্তিগত বিধেয়ক উত্থাপন কৰাৰ প্ৰস্তুতি কৰা বুলি ব্যক্ত কৰে । অনুষ্ঠানত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ ভতিজা অধিবক্তা অজিত হাজৰিকাই যাযাবৰ সংগীত সূৰ্য ড০ ভূপেন হাজৰিকাৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে । নাজিৰা পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি আব্দুল ৰহমানে আঁতধৰা অনুষ্ঠানত কল্যাণী ৰাইদঙ্গীয়া, প্ৰণীতা লাচিত, মুকুণ্ড মাধৱ ৰাইদঙ্গীয়া, লাচিত ফুকন, নিবেদিতা ফুকন, পংক্ষী দত্ত, সংগীতা দাস ৰাইদঙ্গীয়া, জীনামণি দুৱৰাই কবিতা পাঠ কৰি অনুষ্ঠানটি সফল কৰি তুলে ।

No comments