Breaking News

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কত বিশ্ববিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকাৰ স্মৃতি দিৱস পালন

ডিজিটেল সংবাদ, টীয়কঃ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কত বিশ্ববিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকাৰ স্মৃতি দিৱস পালন ড° ভূপেন হাজৰিকাৰ জীৱন আৰু গীতি ভুৱন প্ৰেৰণাৰ অতুল্য উৎস : ড° জয়ন্ত পাঠক...ড° ভূপেন হাজৰিকাৰ জীৱন আৰু গীতি ভুৱন নতুন প্ৰজন্মৰ প্ৰেৰণাৰ অতুল্য উৎস। জীৱনলৈ হতাশা আহিলে আমি যদি ড° হাজৰিকাৰ সংঘাতময় জীৱনলৈ চাওঁ, যি জীৱনক তেওঁ সাধনাৰে মহিমামণ্ডিত কৰিলে, সেই অমিয় জীৱনে আমাৰ জীৱন উজ্জীৱিত কৰি তুলিবলৈ মাৰ্গ দৰ্শন কৰায়। তেওঁৰ প্ৰতিটো গীতেই প্ৰকৃতাৰ্থত জীৱনক নতুন প্ৰাণৰ জেউতিয়ে দীপ্তিমান কৰি তোলা আৱাহনী ছন্দ। তেওঁৰ গীতি মানসৰ মানৱীয় আয়তন আন্তৰ্জাতিক। সৰ্ব মানৱৰ কল্যাণৰ হকে তেওঁ গীত উৎসৰ্গিত।" চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ সাহিত্য চ'ৰা আৰু ছাত্ৰ একতা সভাৰ উদ্যোগত আজি মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত 'ড° ভূপেন হাজৰিকাৰ স্মৃতি দিৱস'ত নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰি চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক, মহাবিদ্যালয়খনৰ ২০২১-২০২২ বৰ্ষৰ শ্ৰেষ্ঠ শিক্ষকৰ সন্মান লাভ কৰোঁতা তথা যুৱ সাহিত্যিক ড° জয়ন্ত পাঠকে এইদৰে কয়। তেওঁ লগতে কয় : "ড° ভূপেন হাজৰিকাৰ সাংস্কৃতিক পৰিমণ্ডল গঢ় লৈছিল অসমৰ সৰ্বতো কালৰ মহত্তম পুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ আগৰৱালাৰ বৈপ্লৱিক চেতনাৰদ্বাৰা। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আশীৰ্বাদ আছিল ড° হাজৰিকাৰ বাবে অনন্য সম্পদ।" সাহিত্য চ'ৰাৰ সভাপতি তথা ইংৰাজী বিভাগৰ মুৰব্বী ড° ময়ূৰী চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ ৰেক্টৰ তথা বাণিজ্য বিভাগৰ সহযোগী অধ্যাপক সুনীল কুমাৰ ভট্টাচাৰ্যই। সাহিত্য চ'ৰাৰ সম্পাদক তথা অসমীয়া বিভাগৰ মুৰব্বী ড° কৰবী গগৈয়ে আঁত ধৰা সভাখনত মহাবিদ্যালয়ৰ শিক্ষাৰ্থী অংকিতা গগৈ, কৌশিক বৰুৱা, বেদান্ত হাজৰিকা, অশ্লেষা ফুকন আৰু জুনুমণি পাটৰে ড° ভূপেন হাজৰিকাৰ গীত পৰিৱেশ কৰে। সাংস্কৃতিক অনুষ্ঠানটিৰ আঁত ধৰে আৰু শলাগৰ শৰাই আগবঢ়ায় ছাত্ৰ একতা সভাৰ সাংস্কৃতিক সম্পাদক তথা ২০২১-২০২২ বৰ্ষৰ শ্ৰেষ্ঠ সন্মান লাভ কৰোঁতা ঋতম বৰপূজাৰীয়ে।

No comments