Breaking News

নুমলীগড়ৰ মৰঙিত গোলাঘাট জিলা মইনা পাৰিজাতৰ পৰিষদ সভা অনুষ্ঠিত ৷

 

                                                                            

নুমলীগড়ৰ মৰঙিত গোলাঘাট জিলা মইনা পাৰিজাতৰ পৰিষদ সভা অনুষ্ঠিত ৷ৰাজ্যৰ শিশুসকলৰ শাৰিৰীক, মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে ১৯৫০ চনতে ককা মহাদেৱ শৰ্মা আৰু নলিনীবালা দেৱীৰ প্ৰচেষ্টাত গঠিত সদৌ অসম মইনা পাৰিজাতৰ অন্তৰ্গত গোলাঘাট জিলা মইনা পাৰিজাতৰ  সপ্তম দ্বি - বাৰ্ষিক পৰিষদ সভা অনুষ্ঠিত হয় ৷নুমলীগড় আঞ্চলিক মইনা পাৰিজাতৰ আমন্ত্ৰণক্ৰমে মৰঙি খণ্ড উন্নয়ন বিষয়াৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাৰ পুৱা পতাকা উত্তোলন , স্মৃতি তৰ্পনৰ পিছতে সধাৰণ সভা অনুষ্ঠিত হয় ৷ এই সভাতে আগন্তুক দুটা বৰ্ষৰ বাবে গোলাঘাট জিলা মইনা পাৰিজাতৰ নতুন সমিতি গঠন কৰা হব বুলি জিলা সমিতিয়ে জানিবলৈ দিয়ে ৷

No comments