Breaking News

জিলা কৃষি বিষয়াই শুভাৰম্ভ কৰিলে ব্ৰহ্মপুত্ৰ আদৰ্শ কৃষি ফাৰ্মৰ আলু খেতিৰ



ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাটৰ উপকণ্ঠ অঞ্চল নিমাতীৰ  ঐতিহাসিক নতুন গোহাঁই গাঁও এলেকাৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষত  পটীয়া ফকলা গাঁও পঞ্চায়তৰ উদ্যোগত  " ব্ৰহ্মপুত্ৰ আদৰ্শ কৃষি ফাৰ্মে  আজি উন্নত ভাৱে  আলুখেতি শুভাৰম্ভ কৰে । বৰ্তমানে পোন্ধৰ বিঘাৰো অধিক মাটিত দহ জনীয়া এটা  যুৱকৰ দলে   আয়োজন কৰা আলু খেতিৰ প্ৰথমে এগছি বন্তি প্ৰজ্বলন কৰাৰ পাছতে , ফিটা কাটি  শুভাৰম্ভ কৰে যোৰহাট জিলা কৃষি বিষয়া ড' নিতুমনী গগৈয়ে ।

 অনুষ্ঠানত যোৰহাটৰ  কৃষি উন্নয়ণ বিষয়া নিৰেণ বৰা  , কৃষি উন্নয়ণ বিয়া ঢেকৰগড়াৰ উৎপল ভূঞা , কৃষি সম্প্ৰসাৰণ  বিষয়া দিগন্ত শৰ্মা , সমাজকৰ্মী জগন্নাথ অগ্নিবৰা , গাঁও প্ৰধান অচিন্ত দত্ত উপস্থিত থকি আলুখেতিৰ শুভাৰম্ভ অনুষ্ঠানত সকলোৱে আলু আৰু উন্নত জাতৰ ৰঙলাও পুলিও ৰোপন কৰে । 

৩৫ নং পটীয়া ফকলা গাঁও পঞ্চায়তৰ সভাপতি ৰাজু দত্ত ই উদ্যোগ গ্ৰহণ কৰা কায্যসুচীৰ আদৰনি আৰু উদ্দেশ্য ব্যাখ্যা আগবঢ়াই  ৰতন দত্তই ।

 কুফ্ৰি ললিতি নামৰ  উন্নত বিজ  অসম চৰকাৰৰ কৃষি বিকাশ যোজনাৰ  ২০২২-২০২৩ আঁচনিৰ যোগেদি যোৰহাট কৃষি বিভাগে  যথেষ্ট সংখ্যক আলু বিজ যোগান ধৰে । বিষয়া গৰাকীয়ে আলু খেতিৰ লগতে অন্যান্য ধৰনৰ  বিজ্ঞান সম্মত ভাবে খেতি কৰাৰ পৰামৰ্শ ও প্ৰদান কৰে  ।  আলুখেতিৰ শুভাৰম্ভ অনুষ্ঠানত সাংবাদিক শ্ৰীমন্ত বৰুৱা , বিশ্বজিত বৰা ,মুকুল বৰা ,ৰঞ্জিত বৰা , বিপ্লৱ হাতীবৰুৱা , দিলীপ দত্ত , ভাইকন দাস আদিয়ে পূৰ্ণ সহযোগিতা আগবঢ়াই ।  জিলা কৃষি বিভাগৰ বাহনা কৃষি চক্ৰৰ  এলেকাত কৰিবলৈ লোৱা কৃষি কায্যত জিলা কৃষি বিভাগে সম্পূৰ্ণ  সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ।

No comments