Breaking News

কল্যানী বাল্যভৱন জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত গুৰু-শিষ্যৰ গ্ৰন্থ উন্মোচন :



ডিজিটেল সংবাদ, যোৰহাটঃ উত্তৰ যোৰহাটৰ অন্যতম শিক্ষানুষ্ঠান কল্যানী বাল্যভৱন জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত বিদ্যালয়ৰ শিক্ষয়িত্ৰী অঞ্জুমনি বৈৰাগী দত্তৰ কবিতা পুঠি "ৰ'দালি এ ৰ'দ দে" আৰু বিদ্যালয়খনিৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ বিৰাজ দত্তৰ তৃতীয় খন গ্ৰন্থ "মহৎ লোকৰ বাণী" আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কল্যানী শিশু কল্যান কেন্দ্ৰত উন্মোচন কৰা হয়। স্থানীয় পটীয়াগাওঁ লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ সমাজকৰ্মী গোপাল মহন্তৰ পৌৰহিত্বত অনুষ্ঠিত হোৱা  সভাত যোৰহাটৰ অংকুৰণ প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থ দুখন উন্মোচন কৰে ক্ৰমে মহাত্মাগান্ধী মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট অভিনেতা ত্ৰিলোক বৰা আৰু শিশু সাহিত্যিক, অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ নিলীমা শৰ্মাই। কল্যানী বাল্যভৱন জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰূপাঞ্জলী হাজৰিকাই আতঁ ধৰা আৰু বসন্ত নেওগে উদ্দেশ্য ব্যাখ্যা কৰা সভাত বিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিতা বৰপূজাৰী, কল্যানী শিশু কল্যান কেন্দ্ৰৰ গুৰিধৰোতা বুধিন শইকীয়া, নিযুত শইকীয়া, পুতুল বৰুৱা, সেৱা-ৰ সম্পাদক ৰাজীৱ কুমাৰ নাজিৰে বক্তব্য প্ৰদান কৰে। ড০ দন্দেশ্বৰ দত্ত,অৱসৰী শিক্ষক প্ৰদীপ দত্তই অংশগ্ৰহণ কৰা সভাত গ্ৰন্থৰ প্ৰণেতা পৰিয়ালৰ তৰফৰ পৰা ড০ দন্দেশ্বৰ দত্ত, বুধিন শইকীয়া, জালিবৰ দাস, মাধৱ  বৰঠাকুৰ, অনিমা বৰঠাকুৰ, সংবাদকৰ্মী ৰঞ্জিত দত্ত, ৰূপাঞ্জলী হাজৰিকা, বসন্ত নেওগক সম্বৰ্ধনা জনোৱা হয়। গ্ৰন্থ প্ৰণেতা বিৰাজ দত্তৰ পিতৃ বিকাশ দত্তই শলাগ জ্ঞাপন কৰা সভাৰ আৰম্ভণিতে বিদ্যালয়ৰ ছাত্ৰী অভিলাষা শইকীয়াই বৰগীত পৰিৱেশন কৰে।

No comments