Breaking News

জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~সপ্তম খণ্ড



                      (মালবিকা শৰ্মা, ভুবনেশ্বৰ) 


ইয়ালৈ অহাৰ দিনাখন ৰাস্তাৰ দুয়ো কাষে শাৰী শাৰী নাৰিকল গছবোৰ দেখি মনটো ভাল লাগিছিল। এই সমাজখনত ৰন্ধা-বঢ়া, পূজা-পৰ্ব সকলো ক্ষেত্ৰতে নাৰিকলৰ একচ্ছত্ৰ সাম্ৰাজ্য চলি থকা বুলি ক’ব পাৰি। নাৰিকলবোৰেও নিজৰ প্ৰাধান্য জানিয়ে যেন গোপতে গংগাটোপ হৈ গছবোৰত ভৰ্তি হৈ ওলমি থাকে। স্থানীয় এঘৰলৈ এদিন ফুৰিবলৈ যাওতে ইডলিৰ ওপৰত নাৰিকল তেল অকনমান দি খাবলৈ দিছিল। আমাৰ পিনে নাৰিকল তেল সাধাৰনতে চুলিতহে ঘহিবলৈ ব্যৱহাৰ কৰা হয়। খোৱাৰ সময়ত নাৰিকল তেলৰ সাধাৰন গোন্ধটো নাকত লাগিছিল যদিও খাই কিন্তু বেয়া লগা নাছিল।

     তাতেই কথা প্ৰসংগত জানিব পাৰিলো যে গনেশ চতুৰ্থীৰ আগদিনাখন গনেশৰ মাক-দেউতাক মানে শিৱ-পাৰ্বতীৰ পূজা অৰ্চনা ডাঙৰকৈ কৰা হয়। কিয়নো এওঁলোকৰ মতে মাক-বাপেকহে আগতে পূজ্য, তাৰ পিছতহে সন্তানৰ স্থান। এই হৰ-গৌৰী পূজাত ভক্ত সকলে নিজৰ সামৰ্থ্য অনুসাৰে (নুন্যতম ১৬) নাৰিকল ভগৱানৰ আগত আগবঢ়াই পূজা কৰে। পূজালৈ আগবঢ়োৱা নাৰিকলবোৰ বাকলি গুচাই, কুমকুম হালধী আদিৰে ভালদৰে শৃংগাৰ কৰি সজাই লোৱা হয়। পূজা হৈ যোৱাৰ পিছত এইবোৰ নিজৰ জ্ঞাতি কুটুম্বৰ ঘৰলৈ গৈ পৰম্পৰা হিচাপে দিয়া হয়। নৱৰাত্ৰিৰ সময়চোৱা শুভ যিহেতু এইখিনি সময়তে তেওঁলোকে দিয়া কামটো সম্পন্ন কৰে।

    লাহে লাহে স্থানীয় মানুহবোৰৰ সমাজ ব্যৱস্থা, ৰীতি নীতি পৰম্পৰাৰ বিষয়ে কিছু জ্ঞান উপলব্ধ হৈছে।ইয়াত আহি ঘৰৰ কামত সহায় কৰিবলৈ কাকো নাৰাখো বুলি মনেৰে প্ৰতিজ্ঞা কৰিছিলোঁ যদিও দুমাহ কোনোমতে টানি আজুৰি কাম কৰি আৰু কৰিব নোৱাৰা হ’লো। এই মাহৰ পৰা কাম কৰা মানুহ এজনী ৰাখিছো। আমি থকা  এপাৰ্টমেন্টৰ কেয়াৰ টেকাৰ জনক কোৱাত তেওঁ এই মানুহজনী যোগাৰ কৰি দিলে। তাই মোৰ কাষৰ ফ্লেটতো কাম কৰে। কানাড়া ভাষী মানুহজনীয়ে এটা দুটা হিন্দি শব্দ কয়, বাকীখিনি চব আকাৰে ইংগিতে আমাৰ মাজত কথা বাৰ্তা চলে। ভাৰতৰ দক্ষিণ-পশ্চিম অঞ্চলৰ কৰ্ণাটকৰ লোকসকলে প্ৰধানকৈ কোৱা এটা ধ্ৰুপদী দ্ৰাবিড় ভাষা হৈছে কানাড়া ভাষা।  মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, তেলেংগানা, কেৰালা আৰু গোৱা ৰাজ্যৰ ভাষিক সংখ্যালঘুসকলে এই ভাষা কয় আৰু লগতে বহিঃৰাজ্যৰ কানাড়িগাসকলেও (Kannadigas) কয়। 

    আকাৰে ইংগিতেৰে তাই মোৰ লগত বহুত কথাই কোৱা হৈছে আজিকালি। ময়ো পিছে শুনি ভালেই পাও। তাইৰ বিষয়ে ইতিমধ্যে বহুতখিনি জনালেও। মহাৰাষ্ট্ৰৰ সৰু চহৰ এখনৰপৰা ৩০ বছৰৰ পূৰ্বে তাই বিয়া হৈ গিৰিয়েকৰ সৈতে আহি ইয়াৰে স্থায়ী বাসিন্দা হৈ পৰিছে। গিৰিয়েকে গাড়ী চলায় উপাৰ্জন কৰে। বৰ্তমান তিনিটা ল’ৰা ছোৱালী, তিনিওটাই পঢ়ি আছে।আজি কথা প্ৰসংগত তাই জনালে যে গিৰিয়েক হেনো তাইৰ মাকৰ ভায়েক, নিজৰে মোমায়েক হয়। দক্ষিন ভাৰতৰ পিনে এই প্ৰথাটো থকা বুলি মই আগতেও শুনিছিলো। ভাৰতৰ প্ৰতিটো চুকে কোনে কত ৰকমৰ যে নীতি নিয়ম, কত ধৰনৰ প্ৰথা আছে চিন্তা কৰি আছৰিত লাগে। তাই ক’লে তাইৰ সমাজ ব্যৱস্থাত এইবোৰ একেবাৰে সাধাৰন কথা। মই তাইক সুধিলো, দেউতাকৰ ভায়েকৰ লগতো বৈবাহিক সম্পৰ্ক হয় নেকি। তাই ক’লে, দেউতাকৰ মানুহখিনি নিজৰ যিহেতু হ’ব নোৱাৰে কিন্তু মাকৰ বংশত হ’ব পাৰে।

 (আগলৈ)

No comments