বিজনীৰ বৰপথাৰ মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত হাতী মানুহৰ সংঘাত নিবাৰণৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ সভা
ডিজিটেল সংবাদ, চিৰাংঃ বিজনীৰ বৰপথাৰ মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত হাতী মানুহৰ সংঘাত নিবাৰণৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ সভা , চেষ্টাৰ জুৰ ,মুগলি ইংলেণ্ডৰ বিষয়া সকল চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত আজি বৰপথাৰ মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত চেষ্টাৰ জু ,WTI ৰ উদ্যোগত মানস নেছাৰ কনছাৰভেছন ওৱেলফাৰ ছছাইটি এন জিওৰ বিষ্ণুপুৰ এন জিওৰ সহযোগত হাতী মানুহৰ সংঘাত নিবাৰণৰ সম্পৰ্কে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে ।সভাত সভাপতিত্ব কৰে -WTI ৰ সহ প্ৰবন্ধক -কৌশিক দে ।সভাত চিৰাং জিলা বিজেপিৰ সভাপতি ৰিণ্টু কুমাৰ দাস ,বৰপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক চিকণ ঠাকুৰীয়াৰ হাতী সুৰক্ষা বৈদ্যুতিক বেৰ চোৱা-চিতা কৰা সেচ্ছাসেৱক ,হাতী সুৰক্ষা বৈদ্যুতিক বেৰ পৰিচালনা সমিতিৰ আটাইকেইজন কৰ্মীক ভাষনৰ যোগে ধন্যবাদ জ্ঞাপন কৰিছে । হাতী মানুহৰ সংঘাত নিবাৰণৰ সম্পৰ্কে বিভিন্ন পৰামৰ্শ পোৱাৰ উদেশ্যেৰে কিতাপ উন্মোচন কৰে ।অসমীয়া ভাষা -বাবা বন্ধু নামৰ কিতাপ , ইংৰাজী ভাষাৰ Friends of the elephants কিতাপ উন্মোচন কৰে -চেষ্টাৰ জু ,WTI বিষয়াসকলে ।হাতী সুৰক্ষাৰ বৈদ্যুতিক বেৰ গুৰুত্ব সহকাৰে পৰিচালনা সমিতিৰ কাম কৰা দুয়োটা পৰিচালনা সমিতিক চাইকেল বিতৰণ কৰে । দৈলংঝাৰ হিমালয়া হাতী সুৰক্ষা বৈদ্যুতিক বেৰ সমিতি আৰু বৰপথাৰ আঞ্চলিক হাতী সুৰক্ষা বেৰ পৰিচালনা সমিতিক চাইকেল প্ৰদান কৰে । গুৰত্বসহকাৰে বৈদ্যুতিক বেৰৰ কৰ্তব্য পালন কৰি থকা - দুজন লাইমেন দৈসুমঝোৰাৰ মিঠাসাৎ বসুমতাৰী ,ফৰমাইসালীৰ -অৰুণ ব্ৰক্ষ্মক চাইকেল প্ৰদান কৰে । আজিৰ সভাত অসমীয়া গীত , ৰাজবংশী গীতত অঞ্চলৰ নাচনী সকলৰ সৈতে ইংলেণ্ড , লণ্ডনৰ পৰা অহা চেষ্টাৰ জুৰ মহিলা বিষয়াসকলেই এক লগত নৃত্য পৰিবেশন কৰা পৰিলক্ষিত হৈছে ।অতিথি হিচাপত উপস্থিত WTI জইণ্ট ডিৰেক্টৰ থাকে -ড° ৰতীন বড়ো ,সুমিৰ সিংহ।২০ জনীয়া ইংলেণ্ড , লণ্ডনৰ পৰা অহা চেষ্টাৰ জু ,মুগলী বিষয়াসকল । WTI ৰ ক্ষেত্ৰ বিষয়া সুৰভী দত্ত ,প্ৰতিমা বড়ো ,মানস নেছাৰ কনছাৰভেছন ওৱেলফাৰ ছছাইটি , বিষ্ণুপুৰ এন জিওৰ সভাপতি শ্যামল মণ্ডল , সম্পাদক -টিকেন চন্দ্ৰ ৰায় ,কুকলং আৰু পানবাৰী ৰেঞ্জৰ বনকৰ্মী সকল ,আক্ৰাছু ,বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মী সকল । বৰপথাৰ অঞ্চলৰ বুদ্ধিজীৱী , সমাজকৰ্মী সকলে উপস্থিত থাকে ।এই অঞ্চলৰ হাতী সুৰক্ষা সমিতিৰ সভাপতি , সম্পাদক ,সদস্য সকলে উপস্থিত থাকে lপিছতে ইংলেণ্ড , লণ্ডনৰ পৰা অহা চেষ্টাৰ জু ,মুগলিৰ বিষয়া হাতী সুৰক্ষাৰ বাবে বেৰ পৰিদৰ্শন কৰে ।
No comments