Breaking News

শিৱসাগৰৰ নাজিৰা ৰজাপুলৰ ৰাজমাও পুখুৰীটো হাবি-জংঘল আৱৰ্জনাই ভৰি পিতনিলৈ পৰিণত কৰিছে



ডিজিটেল সংবাদ, শিৱসাগৰঃ 
শিৱসাগৰৰ নাজিৰা ৰজাপুলৰ ৰাজমাও পুখুৰীটো হাবি-জংঘল আৱৰ্জনাই ভৰি পিতনিলৈ পৰিণত কৰিছে ৰজা দিনীয়া পুখুৰীটো ধ্বংসৰ গৰাহত পৰি পৰিত্যক্ত অৱস্থাত ৰজাপুলৰ ইতিহাস প্ৰসিদ্ধ পুখুৰীটো, ৰাজমাও পুখুৰীটো চৰকাৰক সংৰক্ষণৰ দাবী জেষ্ঠ নাগৰিকৰ
 ইতিহাস প্ৰসিদ্ধ আহোম স্থাপত্যকলাৰ এক উল্লেখযোগ্য নিদৰ্শন হৈছে ৰজা দিনীয়া কীৰ্তিচিহ্ন অথবা সমল সমূহ । শিৱসাগৰৰ বিভিন্ন প্ৰান্তত থকা ঐতিহাসিক কীৰ্তিচিহ্ন সমূহ আজি মানৱ সভ্যতাৰ বাবেই ধ্বংসৰ গৰাহত । শিৱসাগৰৰ নাজিৰা ৰজাপুলৰ কাষতে অৱস্থিত ৰাজমাও পুখুৰী ।হাবি-জংঘলেৰে ভৰি পৰিছে ৰজা দিনীয়া পুখুৰীটো । ধ্বংসৰ গৰাহত ঐতিহাসিক ৰাজমাও পুখুৰী । প্লাষ্টিক, আৱৰ্জনাই পিতনিলৈ পৰিণত কৰিছে পুখুৰীটো । এই পুখুৰীটোকলৈ চিন্তিত জেষ্ঠ নাগৰিক সমাজ । ৰাজমাও পুখুৰীটো ৰাজ্য চৰকাৰক সংৰক্ষণৰ দাবী জেষ্ঠ নাগৰিকৰ । পুৰাতত্ত্ব বিভাগৰ লগতে ৰজাঘৰৰ অমনোযোগিতাৰ বাবে ধ্বংসৰ গৰাহত ৰজাপুলৰ ঐতিহাসিক ৰাজমাও পুখুৰী । ধ্বংসৰ গৰাহত ২ য় বিশ্বযুদ্ধৰ কীৰ্তিচিহ্ন সমূহ । সংৰক্ষণৰ অভাৱত হাবি-জংঘল আৰু আৱৰ্জনাই ভৰি পিতনিলৈ পৰিণত কৰিছে এই পুখুৰীটো । জৈৱ-বৈচিত্ৰতাৰে ভৰপূৰ এই ৰজা দিনীয়া পুখুৰীটো । প্ৰাণী কেইটাই নিজৰ অধিকাৰৰ কাৰণে যুঁজিব নোৱাৰে । সিহঁতৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে চৰকাৰ তথা ৰাইজে কিবা ব্যৱস্থা কৰি দিব লাগিব । তেতিয়াহে এই আও পুৰণি অসমীয়াৰ সম্পদ সমূহে আমাক চহকী কৰি তুলিব ।

No comments