Breaking News

নুমলীগড়ৰ উদয়ন চাহ বাগিচাত দিনৰ ভাগতে বন্যহস্তীৰ উপদ্ৰৱ,

 

ডিজিটেল সংবাদ, নুমলীগডঃ নুমলীগড়ৰ উদয়ন চাহ বাগিচাত দিনৰ ভাগতে বন্যহস্তীৰ উপদ্ৰৱ, আতংকিত শ্ৰমিক। বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবেই আৰ্থিক দৈন্যতাত ভূগিছে এটা অঞ্চলৰ সাধাৰণ জনতা ৷ মুৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা তহিলং ৷ ভৰাঁলৰ ধান খাই তহিলং ৷ বাগিচাত হাজিৰা কৰি পেট প্ৰবৰ্তোৱাৰ পৰাও বঞ্চিত দৰিদ্ৰ শ্ৰমিক ৷ বাগিচাত কাম কৰিবলৈ আহি শ্ৰমিক ৰাইজে কাম কৰিব পৰা নাই হাতীৰ বাবেই ৷ নুমলীগড় কাষৰীয়া উদয়ন চাহ বাগিচাৰ শ্ৰমিক ৰাইজে এইদৰেই ব্যক্ত কৰিছে কেমেৰাৰ আগত ৷ চাহ বাগিচাত দিনৰ ভাগত আশ্ৰয় লৈ চাহ গছ উভালি উপদ্ৰৱ বন্যহাতীৰ ৷ ধানখেতি উদং, ভঁৰাল উদং, বাগিচাৰ চাহ গছবোৰ উদং কৰিলে আমি চলিম কিদৰে ৷ চৰকাৰে কিবা এটা কৰক ৷ এনেদৰেই বাগিচাৰ শ্ৰমিক ৰাইজে কাকুতি কৰি ব্যক্ত কৰিছে ৷ অবশেষত অবশ্যে বন বিভাগৰ লোক পলমকৈ উপস্থিত হৈ হাতীজাক খেদাৰ চেষ্টা কৰিছে ৷

No comments