Breaking News

জনপ্ৰিয় গায়ক জুবিন নটিয়াল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত,



জনপ্ৰিয় গায়ক জুবিন নটিয়াল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত, মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জনপ্ৰিয় গায়ক জুবিন নটিয়ালক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত। প্ৰাৰম্ভিক তথ্য অনুসৰি, এই ঘটনাটো বৃহস্পতিবাৰে ৰাতিপুৱা সংঘটিত হৈছিল। তেওঁক মুম্বাইৰ এখন চিকিৎসালয়লৈ ততাতৈয়াকৈ লৈ যোৱা হৈছে । দুৰ্ঘটনাটোত গায়কজনৰ কিলাকুটি আৰু কঁকালত গুৰুতৰভাৱে আঘাত পাইছে। ঘৰৰ চিৰিৰ পৰা নামি অহাৰ সময়তে সংঘটিত হয় ঘটনাটো।

জনপ্ৰিয় গায়কগৰাকীৰ দুৰ্ঘটনাৰ বাতৰিৰ বিয়পি পৰাৰ পিছতে তেওঁৰ অনুৰাগীসকলে হতাশ হৈ পৰিছে আৰু তেওঁৰ আশু আৰোগ্য কামনা কৰিছে। শেহতীয়াকৈ জুবিনৰ নতুন গান 'তু চামনে আয়ে' মুকলি কৰা হৈছে। 

No comments