Breaking News

বিশ্বজুৰি বন্দী হৈ থকা সাংবাদিকৰ সংখ্যাই নতুন অভিলেখ গঢ়িছে



বিশ্বজুৰি বন্দী হৈ থকা সাংবাদিকৰ সংখ্যাই গঢ়িলে নতুন অভিলেখ গঢ়িছে অলপতে প্ৰকাশিত আৰএছএফৰ বাৰ্ষিক প্ৰেছ ফ্ৰীডম ৰিভিউত পোৱা তথ্য অনুসৰি ২০২২ চনত মুঠ ৫৩৩ জন মিডিয়া পেছাদাৰীয়ে কাৰাগাৰত বন্দি হৈ আছে। বিগত বৰ্ষৰ কাৰাবন্দীৰ সংখ্য আছিল ৪৮৮ জন গৰাকী।

১৯৯৫ চনৰ পৰা বাৰ্ষিক সংখ্যা প্ৰকাশ কৰি অহা পেৰিছস্থিত প্ৰহৰী সংস্থাটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি "বছৰটোত এক চতুৰ্থাংশতকৈও অধিক লোকক কাৰাবাস দিয়া হৈছে।

ইয়াৰে পাঁচখন দেশত আধাতকৈ অধিক লোকক কাৰাগাৰলৈ লৈ যোৱা হৈছে। ইয়াৰ ভিতৰত প্ৰথম স্থানত আছে চীন। চীনত ১১০ জন, ম্যানমাৰত ৬২, ইৰাণ ৪৭ ভিয়েটনাম ৩৯ আৰু বেলাৰুছ ৩১ গৰাকী সাংবাদিকে কাৰাবাসত বন্দীত্ব জীৱন কটাব লগা হৈছে।

বৰ্তমান ইৰাণৰ কাৰাগাৰত থকা ৪৭ জন সাংবাদিকৰ ভিতৰত ৩৪ জনক দেশৰ কঠোৰ পোছাক বিধি ভংগ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। 

ম্যানমাৰত, ২০২১ চনত সামৰিক অভ্যুত্থানৰ পিছত সাংবাদিকতা "কাৰ্যকৰীভাৱে এক ফৌজদাৰী অপৰাধ", বুলি গণ্য কৰা হৈছেল।  বৰ্তমান ৬২ জন সাংবাদিকক বন্দী কৰি ৰখা হৈছে। ইউক্ৰেইনৰ আঠজনসহ ১৮ জন সংবাদ মাধ্যমকৰ্মী বৰ্তমান ৰাছিয়াত বন্দী হৈ আছে, য'ত সকলো স্বতন্ত্ৰ মাধ্যমক প্ৰায় নিষিদ্ধ কৰা হৈছে।

আৰএছএফৰ তথ্য অনুসৰি ২০২২ চনত সমগ্ৰ বিশ্বতে নিহত হোৱা প্ৰায় ৮০ শতাংশ মিডিয়া পেছাদাৰীক "তেওঁলোকৰ কাম বা তেওঁলোকে কভাৰ কৰি থকা কাহিনীৰ সন্দৰ্ভত ইচ্ছাকৃতভাৱে লক্ষ্য কৰা হৈছিল", যেনে সংগঠিত অপৰাধ আৰু দুৰ্নীতিৰ গোচৰ।

কাৰাগাৰত থকা মহিলা সাংবাদিকৰ সংখ্যাও বিশ্বজুৰি সৰ্বকালৰ সৰ্বাধিক, ২০২১ চনৰ পৰা ৬০ৰ পৰা ৭৮ লৈ বৃদ্ধি হৈছে, মুখ্যতঃ বৃত্তিটোত অধিক সংখ্যক লোক প্ৰৱেশ কৰাৰ বাবে।


No comments