Breaking News

মৃত্যুদূতত পৰিণত হৈছে বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।


 ডিজিটেল সংবাদ,বিলাসীপাৰাঃ 
মৃত্যুদূতত পৰিণত হৈছে বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ধাৰাবাহিক ভাৱে সংঘটিত হৈছে পথ দুৰ্ঘটনা।  চিৰাকুটা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ  সংঘটিত হয়  ভয়ংকৰ পথ দুৰ্ঘটনা। ঘন কুৱলীৰ ফলত সংঘটিত হোৱা পথ  দুৰ্ঘটনাত থিতাতে  নিহত হয় এজন ট্ৰাক চালক  আৰু  আহত হয়  কেইবাজনো। আঘাত প্ৰাপ্ত সকলক মুমূৰ্ষু অবস্থাত  স্থানীয় ৰাইজে ততাতৈয়া বিলাসীপাৰা আদৰ্শ চিকিৎসালয় লৈ প্ৰেৰণ কৰে।   গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী আৰু ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী  তিনিখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা।   ট্ৰাক কেইখনৰ নম্বৰ  হৈছে- AS 17B 9954,  WB 57C 8685, AS 01 NC 2230. দুৰ্ঘটনাৰ পিছত বহু সময় লৈ ঘটনাস্থলীত  আৰক্ষী উপস্থিত নোহোৱাৰ ফলত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰে শ শ যানবাহন। বৰ্তমান লৈ নিহত আৰু আহত সকলৰ পৰিচয় উদ্ধাৰ হোৱা নাই। ঘটনাটিয়ে সমগ্ৰ  চিৰাকুটা অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। আনহাতে উক্ত দূৰ্ঘটনাত আহত সকলৰ পৰিচয় হ'ল - মোস্তফা সেখ ৪২ পশ্চিম বংগ , ছাহানুৰ ইছলাম যোগীঘোপা , অহিদুল সেখ হাতীপোতা আৰু জাহিদুল ৰহমান ঢোলমাৰা ।


No comments