Breaking News

সোণাৰিত পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত দুজন


ডিজিটেল সংবাদ,সোণাৰিঃ
 সোণাৰিত পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত দুজন সোণাৰিৰ কাষৰীয়া শিঙৰিতলী গণজুপাৰা গাওঁত আজি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত দুগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে কাষৰীয়া নাফুক চাহ বাগিচাৰ ১ নম্বৰ লাইনৰ বাসিন্দা আশা কুৰ্মী আৰু হেমন্তী তাঁতী নামৰ মহিলা দুগৰাকী আজি পুৱা ইটা ভাটাত কাম কৰিবলৈ খোজেৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন পিক আপ বাহনে খুন্দিয়াত গুৰুতৰ ভাৱে আহত হয়। স্থানীয় ৰাইজে মহিলা দুগৰাকীক ততাতয়াকৈ সোণাৰিৰ পি বি নাৰ্ছিং হোম আৰু তাৰ পৰা সোণাৰি জিলা অসামৰিক চিকিৎসালয়ত নি ভৰ্তি কৰে। মূৰত আৰু হাতত গুৰুতৰ ভাৱে আঘাত পোৱা মহিলা দুগৰাকীৰ চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

No comments