Breaking News

দীপিকা, শ্বাহৰুখক সতৰ্ক বাণী সাধ্বী প্ৰজ্ঞা ঠাকুৰৰ ! যদি কোনোবাই গেৰুৱাক অপমান কৰে, আমি উপযুক্ত প্ৰত্যুত্তৰ দিম



"দূষিত মানসিকতাৰে নিৰ্মিত 'বেচাৰাম ৰং' গানটোত অভিনেতা আৰু অভিনেত্ৰীগৰাকীয়ে আপত্তিজনক ভাৱে সেউজীয়া আৰু গেৰুৱা কাপোৰ পৰিধান কৰিছে।"


ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ সাধ্বী প্ৰজ্ঞা ঠাকুৰে বৃহস্পতিবাৰে শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ আহিবলগীয়া চলচ্চিত্ৰ পাঠান বৰ্জনৰ আহ্বান জনাইছিল। মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰাই ছবিখনৰ 'বেচাৰাম' গানত গেৰুৱা ৰঙৰ বিকিনি ব্যৱহাৰক লৈ ক্ষোভ প্ৰকাশ কৰাৰ পিছত ঠাকুৰেও ইয়াৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি  ৰাইজক ছবিগৃহত পাঠান নচোৱাৰ বাবে আহ্বান জনাইছিল।

বিজেপি সাংসদগৰাকীয়ে পাঠানৰ নিৰ্মাতা আৰু অভিনেতাসকলক সতৰ্ক কৰি দি কয় যে যদি বেনচাহৰামৰ গেৰুৱা ৱাৰ্ডৰোব দৃশ্য বিলোপ কৰা নহয় তেন্তে পৰিণামৰ সন্মুখীন হ'ব লাগিব।

গেৰুৱা আমাৰ দেশৰ গৌৰৱ আৰু ই ৰাষ্ট্ৰীয় পতাকাতো আছে। যদি 'ভগৱান'ক অপমান কৰাৰ চেষ্টা কৰা হয়, কাকো ৰেহাই দিয়া নহ'ব, প্ৰয়োজন হ'লে, আইনী ব্যৱস্থা আৰু আন্দোলনও কৰা হ'ব,  প্ৰজ্ঞা ঠাকুৰে সতৰ্ক কৰি দিয়ে এনেদৰে।

কেতিয়াবা কংগ্ৰেছে গেৰুৱাক সন্ত্ৰাসবাদী, কেতিয়াবা চোৰ বুলি অভিহিত কৰে, কিন্তু গেৰুৱাক অপমান কৰা সকলক ৰাইজে উপযুক্ত প্ৰত্যুত্তৰ দিয়ে, বিজেপি সাংসদজনে ২০১৪ আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ কথা উল্লেখ কৰি কয় এনেদৰে।

ইয়াৰ পূৰ্বে, মিশ্ৰাই "পাঠান" চলচ্চিত্ৰৰ বেচাৰাম গানত পাডুকনৰ পোছাকত আপত্তি কৰিছিল আৰু অভিনেতা পাডুকন আৰু শ্বাহৰুখ খানৰ পোছাকৰ ৰঙৰ ওপৰতো ভ্ৰূকুটি কৰিছিল, ইয়াৰ "সংশোধন"ৰ বাবে আহ্বান জনায়।

মধ্য প্ৰদেশৰ গৃহ মন্ত্ৰীগৰাকীয়ে খানকো লক্ষ্য কৰি কয় যে বলীউডৰ তাৰকাগৰাকীয়ে বৈষ্ণো দেৱী মন্দিৰ পৰিদৰ্শন কৰে কিন্তু তেওঁ মহিলা অভিনেতাসকলক তেওঁৰ ছবিত বিকিনি পিন্ধাই । তেওঁ কয়, "দূষিত মানসিকতাৰে নিৰ্মিত 'বেচাৰাম ৰং' গানটোত অভিনেতা আৰু অভিনেত্ৰীগৰাকীয়ে আপত্তিজনক ভাৱে সেউজীয়া আৰু গেৰুৱা কাপোৰ পৰিধান কৰিছে।"

No comments