Breaking News

দ্ৰুত হাৰত দাম বৃদ্ধিয়ে শংকিত কৰি তুলিছে সাধাৰণ জনতাক



ডিজিটেল ডেস্ক..
.দ্ৰুত হাৰত দাম বৃদ্ধিয়ে শংকিত কৰি তুলিছে সাধাৰণ জনতাক । নিত্য ব্যবহার্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি লোহা , চিমেণ্টলৈকে প্ৰতিবিধ সামগ্ৰীৰে দাম বৃদ্ধি পাইছে.. ইফালে দৈনিক নিবনুৱাৰ লগতে দৰিদ্ৰ লোকৰ সংখ্যা বৃদ্ধি পাইছে.. এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনে ২০২৩-২৪ বৰ্ষত নিৰ্বিনিয়োজনৰ নামত ১ লাখ ৮০ হাজাৰ কোটি টকাৰ সম্পত্তি বিক্ৰী কৰিবলৈ সাজু হৈছে ।দেশৰ  শোচনীয় আর্থিক অৱস্থাৰ পাছতো কেন্দ্ৰৰ বিজেপি চৰকাৰখনে আঁচনি ৰূপায়ণ কৰিবলৈ এৰা নাই ।ফলত ঋণৰ বোজা অভাৱনীয়ভাবে বৃদ্ধি পাবলৈ ধৰিছে । ২০২২ চনৰ জুন মাহৰ শেষলৈকে ভাৰতৰ বৈদেশিক ঋণ ৬১৭.১ বিলিয়ন মার্কিন ডলাৰ হৈছেগৈ । নিবনুৱা সমস্যাই এতিয়া দেশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । দেশত চাকৰি নোপোৱা লোকৰ সংখ্যা হৈছে এতিয়া ৮.৩ শতাংশ ।বিশ্ব বেংকৰতথ্য  অনুসৰি অহা ২০৩০ চনলৈ ভাৰতৰ ৫০ শতাংশ অর্থাৎ প্রায় ৭০ কোটি লোক দৰিদ্ৰতাৰ গ্ৰাসত পৰিব । ২০২২ বৰ্ষৰ বিশ্বৰ ১২১ খন দেশৰ ভিতৰত ক্ষুধাৰ ক্ষেত্ৰত ভাৰতৰ স্থান হৈছে ১০৭..জনসংখ্যাৰ অত্যধিক বৃদ্ধিয়ে ভাৰতৰ অর্থনৈতিক অবস্থা শোচনীয় কৰি তুলিব... তথ্য অনুসৰি ২০২০-২১ বৰ্ষত দেশত দুখীয়া লোকৰ উপাৰ্জন প্রায় ৫০ শতাংশ কমিছে । একে বৰ্ষতে নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্তৰ উপাৰ্জন প্রায় ৪০ শতাংশ কমিছে ।  কিন্তু ধনী লোকৰ উপাৰ্জন ৩৯ শতাংশ বৃদ্ধি হৈছে । এনে পৰিস্থিতিত যি গতিত দেশত খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি প্ৰতিবিধ সামগ্ৰীৰে দাম বৃদ্ধি পাইছে , তাৰ ফলত সাধাৰণ লোকৰ জীৱন বিপর্যস্ত হৈ পৰিছে ।

No comments