Breaking News

ভৰলুক বচাওঁ আহক চেভ ভৰলু অভিযান



ডাঃ ৰুবী কটকী : 
গুৱাহাটী মহানগৰীৰ মাজৰে বৈ যোৱা এখন সৰু নদী। নাম ভৰলু।  মানস পটত ভাহি উঠা নদীখনৰ বৰ্তমানৰ, বাস্তৱ ছবিয়ে হয়তো বহুতৰে মনত খুদুৱনি তুলিব নদী আৰু নৰ্দমাৰ পাৰ্থক্য বিচাৰি। কিন্তু বিশ্বাস কৰক এসময়ত ভৰলু এখন বোৱতী নৈ আছিল।

বৈ থকা নৈৰ পানী যেনেকুৱা হয় ভৰলুনদীৰ  পানী  তেতিয়া তেনে পৰিষ্কাৰ আছিল। নদীখনত মাছ আছিল, কাছ ও আছিল বোলে। আমি নৈৰ পানীত সাঁতোৰি নাদুৰি গা ধুইছিলো। নদীখনৰ একেবাৰে সমীপৰ পৰিয়াল কেইটাই নৈৰ পানীৰে বাচন ধোৱা, কাপোৰ ধোৱা, ফুলনি আৰু শাকনি বাৰীত পানী দিয়া ঘৰুৱা কামবোৰ কৰিছিল।আমাৰ এলেকাৰ ধোবীজনে ভৰলুৰ পানীত কাপোৰ ধুই বগলী পাখি যেন বগা কৰিছিল।ঘৰত বিয়া- বাৰু,উপনয়ন,চূড়াকৰণ আদি মাংগলিক কাৰ্য হলে 'পানী তোলা' পৰ্ব টো ভৰলু নৈতে সম্পন্ন কৰিছিল।তাৰোপৰি মৃতকৰ শ্ৰাদ্ধ বিধিৰ পিণ্ড দান,  তিলানি আদিও নৈখনৰ পাৰতে সমাপ্ত কৰা দেখিছিলো। গৰু ছাগলী থকা মানুহ কেইঘৰে, ব'হাগ বিহুৰ গৰু বিহুৰ দিনা, নিজৰ গাই- গৰুবোৰ আনি নদীৰ পানীত গা ধোৱাইছিল। ফাকুৱা বা হলীত ৰঙ খেলাৰ পাছত গা ধুৱলৈ বুলি জপং জপঙকৈ নদীৰ পানীত  জাপ মাৰাৰ কথা  আজিও আমাৰ স্মৃতিৰ পটত সজীৱ হৈ আছে।

কিন্তু সময়ৰ লগে লগে ভৰলু নৈ সলনি হ'ল, মানে নদীখনক সলনি হবলৈ বাধ্য কৰা হ'ল। বৈ থকা নৈখনৰ গতি স্তব্ধ নহলেও একেবাৰে মন্থৰ  হৈ পৰিল। নদীৰ পৰিষ্কাৰ পানী লেতেৰা ক'লা পানীলৈ পৰিবৰ্তিত হ'ল, পানীৰ অকটা,গেলা গোন্ধত নদীৰ পাৰৰে গ'লে নাকত সোপা দিব লগীয়া অৱস্থা হ'ল।  গুৱাহাটীৰ বুৰঞ্জী আৰু ঐতিহ্য বহনকাৰী , আমাৰ মৰমৰ ভৰলু নৈখন আমাৰ চকুৰ আগতে তিলতিলকৈ এদিন এটা নৰ্দমাত পৰিণত হ'ল।


উৎস বিচাৰি চালে জানিব পাৰোঁ যে ভৰলু নৈৰ উৎপত্তি স্থল পবিত্ৰ বশিষ্ঠাশ্ৰম অৱস্থিত সন্ধ্যাচল পাহাৰ। পাহাৰৰ পৰা বৈ অহা সন্ধ্যা, ললিতা আৰু কান্তা নামৰ তিনিটা জলধাৰাৰ মিলিত সুঁতিক ভগৰুৱা বা ভৰলু বা বশিষ্ঠ নৈ বোলা হয় বুলি ইতিহাসত পোৱা যায়।সংগৃহীত তথ্য মতে ঐতিহ্য বহনকাৰী ভৰলু বা বশিষ্ঠ নৈৰ লগত মেঘালয়ৰ খাচী পাহাৰৰ দক্ষিণ দিশৰ মাইলিয়েন সংৰক্ষিত বনাঞ্চল আৰু উমট্ৰিংগাৰ পৰা ওলোৱা বাহিনী নৈখন(আৰম্ভণিৰ ১৩কিলোমিটাৰ মান) মিলিত হৈ  বৈ আহি  বশিষ্ঠ, বেলতলা,ৰুক্মিণী গাওঁ,মথুৰা নগৰ, দিশপুৰ,হেঙেৰাবাৰী,গণেশগুৰি আদি অঞ্চল পাৰ হৈ ৰাধাগোবিন্দ বৰুৱা পথ সংযোগী দলঙ(অসম ৰাজ্যিক চিৰিয়াখানাৰ সমীপত) ৰ পৰা  ভৰলু নাম লৈ (প্ৰায় ৬.২কিলোমিটাৰ মান) গুৱাহাটী মহানগৰীৰ সোঁ‌‌মাজেৰে বিভিন্ন স্থান বাগৰি বৈ গৈছে আৰু নীলাচল পাহাৰৰ পূবে ভৰলুমুখত মহাবাহু ব্ৰহ্মপুত্ৰৰ লগত মিলিত হৈছে। উল্লেখযোগ্য যে ভৰলুনৈৰ অন্য এটি সুঁতি ফাটি গৈ পল্টন বজাৰ অঞ্চলৰ বৰছলা বিলত লগ হৈছে আৰু তাৰপৰা 'মৰা ভৰলু'  নামেৰে বিভিন্ন অঞ্চলৰ মাজেৰে বৈ গৈ গুৱাহাটীৰ সীমামূৰীয়া আদ্ৰভূমি দীপৰ বিলত পৰিছে গৈ।

পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী চহৰৰ প্ৰায় ৭০% শতাংশ উপৰঞ্চি পানী বোৱাই নি ব্ৰহ্মপুত্ৰত পেলোৱা ভৰলুনৈৰ অৱস্থা আজি সংকটঃজনক। ধাৰাসাৰ বৰষুণত গুৱাহাটীৰ চাৰিওফালৰ পাহাৰৰ পৰা খহি অহা মাটি আৰু সময়ৰ সোঁতত নৈৰ পাৰ(গৰা)ৰ মাটি ক্ৰমান্বয়ে খহি গেদ হিচাপে তৰপে তৰপে জমা হৈ নদীখনৰ তলি ওপৰলৈ উঠি অহাৰ উপৰিও এটা সময়ত গুৱাহাটী শোধনাগাৰে পেলোৱা তৈলগেদ আৰু বৰ্তমানে বিভিন্ন কল কাৰখানা  আদিৰ পৰা ওলোৱা আৱৰ্জনা, জাবৰ জোথৰ লগতে উদ্যোগ, হস্পিতাল,হোটেল, দোকান পোহাৰৰ দৈনিক গোট খোৱা উচিষ্টসমূহ সততে ভৰলু নৈত পেলোৱা হেতুকে নৈৰ পানী আজি দূষিত,কলুষিত হোৱাৰ উপৰিও নদীখন দিনে দিনে তৰাং হৈ পৰিছে। তাৰোপৰি গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধ কৰিবলৈ  বাহিনী নৈৰ ওপৰত  দিয়া শ্লুইচ গেটৰ কাৰণেও বোৱতী পানীৰ অভাৱত  ভৰলু আজি তেনেই বাম হৈ পৰিছে। পৌৰজ্ঞান ৰহিত ব্যৱস্থাপনাৰ বাবেই হওক বা অইন কিবা কাৰণতেই হওক মহানগৰবাসীয়ে নলা-নৰ্দমাত পেলোৱা পেলনীয়া বস্তুৰ দম আৰু ভিন ভিন ঠাইত নৈখনৰ পাৰত ঘৰ সাজি বাসকৰা পৰিয়ালবোৰৰ ভৰলুনৈ সংযোগী চেপ্তিক নলাৰদ্বাৰা অহা মলমূত্ৰ, উচ্চিষ্ট আদিৰো ভাৰ বহন কৰি ভৰলু নৈখন বৰ্তমান একেবাৰে তলি ওলাই  মৃতপ্ৰায় সদৃশ হৈ পৰিছে। সেই কাৰণতে  বৰ্তমান নৈখনৰ বহন ক্ষমতা সমুলঞ্চে হ্ৰাস পাইছে। বৰ্ষা কালত বৰষুণৰ পানীৰ বাবে নৈখন কোনো ৰকমে প্ৰবাহিত হৈ থাকে যদিও খৰালি নৈখন ঠায়ে ঠায়ে তেনেই শুকাই যায়। নদীখন তৰা‍ং হৈ পৰাৰ  ফলত গুৱাহাটীবাসী প্ৰতি বছৰে বাৰিষা বতৰত সন্মুখীন হয় কৃত্ৰিম বানপানীৰ।

এজাক বৰষুণতে স্তব্ধ হয় মহানগৰবাসীৰ জীৱন যাত্ৰা।কাৰণ নৈখনে অতিৰিক্ত বৰষুণৰ পানী ভাৰ বৈ নিবলৈ অক্ষম হোৱাৰ ফলস্বৰূপে নৈ সংযোগী নলাবোৰৰে পানী উভতি বৈ পাৰ বাগৰি পৰে।বিশেষকৈ এই ভয়াবহ কৃত্ৰিম বানৰ  ভুক্তভোগী হয় জুৰ'ড,অনিল নগৰ, তৰুণ নগৰ, এবিচি, ৰাজগড়, ভঙাগড় আৰু লাচিত নগৰ(লেন)বাসী ৰাইজ। এই কৃত্ৰিম বানে পাৰ হৈ যোৱা বছৰ কেইটাত, ইতিমধ্যে কেবাজনো নিৰীহৰ প্ৰাণ কাঢ়ি নিছে। অদূৰ ভৱিষ্যতে আৰু বা কি হবলৈ গৈ আছে, সেইয়া কেৱল মাত্ৰ ঈশ্বৰে হে জানে। 

অপ্ৰিয় হলেও এই কথা সত্য যে বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিতেই হওক বা গুৱাহাটী মহানগৰবাসীৰ পৰিবেশ সংৰক্ষণৰ সচেতনতা তথা পৌৰজ্ঞানৰ অভাৱতেই হওক বিগত বছৰ বোৰত ভৰলু নৈ সমুলঞ্চে ধ্বংস হৈ এটি নৰ্দমাত পৰিণত হৈছে তাত কোনো সন্দেহ নাই।পৃথিৱীজুৰি আজি পৰিৱেশ সংৰক্ষণ আৰু গোলকীয় উষ্ণতা বৃদ্ধি ৰোধৰ  চিন্তাই জোৱাৰ তুলি থকাৰ সময়তে, জীৱশ্ৰেষ্ঠ মানৱৰ সজাগতা তথা সচেতনতাৰ অভাৱত, কেৱল গুৱাহাটীৰেই নহয় সমগ্ৰ অসমৰে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত অৰিহণা যোগোৱা ভৰলুনৈ আজি ভূগিছে অস্তিত্বৰ সংকটত। অতি জৰাজীৰ্ণ, মৃতপ্ৰায় অবস্থাৰে সংসাৰৰ সমস্ত আবৰ্জনাৰ ভাৰ বৈ চুচৰি বাগৰি কোনোমতে প্ৰবাহিত হৈ থকা ভৰলু নৈখনক দেখিলে মন মগজুৱে হাহাকাৰ কৰি উঠে।

প্ৰকৃতিৰ অনুপম সৃষ্টি ভৰলুনৈ আজি কালৰ গৰাহত মানবসৃষ্ট এক নৰ্দমা । তাৰোপৰি কাণ্ডজ্ঞানহীন, সুবিধাবাদীৰ দ'লে ঠায়ে ঠায়ে নদীৰ ওপৰতে তথা দাঁতি কাষৰীয়া অঞ্চলবোৰত বেদখল কৰি অবৈধ ভাবে ঘৰ,দোকান পোহাৰ আদি সাজি  নিৰৱচ্ছিন্ন ভাবে চলাই অহা অবাধ অত্যাচাৰত ভৰলু আজি মৃতপ্ৰায়।  কলঢপ্ কলঢপ্ কৈ জীয়াই থকা নৈখনক, ভূতৰ ওপৰত দানহৰ নিচিনাকৈ, অবিবেচকৰ দলে নৈখনত পেলোৱা প্লাষ্টিক আৰু পলিথিনৰ জাঁৱৰৰ দমে  যেন ডিঙিত চেপি ধৰিছে। সকলোতকৈ ভয়াবহ কথা হৈছে কেডমিয়াম, লিথিয়াম, আৰ্চেনিক আদি যুক্ত ভৰলুৰ বিষাক্ত পানীয়ে বৰ্তমান জনস্বাস্থ্যৰ প্ৰতি ভাবুকি অনাৰ লগতে নৈখন  বৰ্তমান  হৈ পৰিছে বিভিন্ন ৰোগৰ বীজাণুৰ ভৰাল। এতিয়াই এই বিষয়ত সচেতন নহলে মহানগৰবাসীৰ জীৱন অদূৰ ভৱিষ্যতত যে সংকটঃময় হৈ পৰিব  তাত কোনো সন্দেহ নাই।   মুৰ্মূষু ভৰলুক বচাবলৈ তৎকালে যথাবিহিত ব্যৱস্থা নললে অচিৰেই যে আমি নৈখনক চিৰদিনৰ বাবে হেৰুৱাই পেলাম সেইটো ধুৰুপ।

 নৈখন সংৰক্ষণ কৰা, প্ৰদুষণমুক্ত কৰা আৰু জনসাধাৰণৰ উপকাৰত অহা পদক্ষেপ লোৱাৰ ক্ষেত্ৰত ৰাইজৰ কৰণীয় নিশ্চয় আছে।অসমত দক্ষ, বিশেষজ্ঞ ব্যক্তিৰ অভাৱ নাই, তেনেদৰে অভাৱ নাই উচ্চখাপৰ 'বিজ্ঞান আৰু প্ৰযুক্তি'ৰ অনুষ্ঠান, প্ৰতিষ্ঠানৰ। জনসাধাৰণৰ সচেতনতা, সহযোগিতা আৰু নৈতিক জাগৰণ বিস্ফোৰিত হলেহে চৰকাৰে এই বিষয়ত ফলদায়ক আঁচনি লবলৈ বাধ্য হব।

প্ৰকৃতিৰ অনুপম সৃষ্টি ভৰলুনৈৰ অৱস্থা আজি মুৰ্মূৰ্ষপ্ৰায়।  বৰ্দ্ধিত জনসংখ্যা আৰু এবাৰ ব্যৱহৃত হোৱা প্লাষ্টিকৰ ব্যৱহাৰে নৈখনলৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। এতিয়াই এই বিষয়ত সচেতন নহলে মহানগৰবাসীৰ জীৱন অদূৰ ভৱিষ্যতত যে সংকটঃ ময় হৈ পৰিব  তাত কোনো সন্দেহ নাই।   মুৰ্মূষু ভৰলুক বচাবলৈ তৎকালে যথাবিহিত ব্যৱস্থা নললে অচিৰেই যে আমি নৈখনক চিৰদিনৰ বাবে হেৰুৱাই পেলাম সেইটো ধুৰুপ।

নৈখন সংৰক্ষণ কৰা, প্ৰদুষণমুক্ত কৰা আৰু জনসাধাৰণৰ উপকাৰত অহা পদক্ষেপ লোৱাৰ ক্ষেত্ৰত ৰাইজৰ কৰণীয় নিশ্চয় আছে।অসমত দক্ষ, বিশেষজ্ঞ ব্যক্তিৰ অভাৱ নাই, তেনেদৰে অভাৱ নাই উচ্চখাপৰ 'বিজ্ঞান আৰু প্ৰযুক্তি'ৰ অনুষ্ঠান, প্ৰতিষ্ঠানৰ। জনসাধাৰণৰ সচেতনতা, সহযোগিতা আৰু নৈতিক জাগৰণ বিস্ফোৰিত হলেহে চৰকাৰে এই বিষয়ত ফলদায়ক আঁচনি লবলৈ বাধ্য হব। ৰাইজে নখ জোকাৰিলে হেনো নৈ বয়। নৈ ৰূপে স্বীকৃত ভৰলুক পুনৰায় নদী হিচাবে বোৱাবলৈ আমি ৰাইজবোৰ মাৰ বান্ধি থিয় হব নোৱাৰোনে?  ভৰলুক পুনৰ নদী হিচাপে স্বীকৃতি দিয়াৰ উদ্দেশ্যৰে, বিভিন্ন ক্ষেত্ৰৰ এচাম মনে মিলা মানুহে যোৱা বছৰৰ  ২৬/৯/২১ তাৰিখে, "বিশ্ব নদী দিৱস"ৰ লগত সংগতি ৰাখি,  'চেভ ভৰলু(ভৰলু বচাওঁ) অভিযান' নামেৰে এটা বেচৰকাৰী অনুষ্ঠানৰ জন্ম দিয়ে। ছচাইটী এক্টৰ অধীনত পঞ্জীয়নভুক্ত অনুষ্ঠানটিৰ প্ৰতিস্থাপক সভাপতি ডাঃৰবীন মজুমদাৰ আৰু সাধাৰণ সম্পাদক অমিয় কুমাৰ ডেকা। 

চেভ ভৰলু অভিযানৰ মূল উদ্দেশ্য হৈছে ভৰলু নদীৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ বিষয়ে ৰাইজক সজাগ সচেতন কৰা আৰু ভৰলুক পুনৰোজ্জীৱিত কৰাত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক সক্ৰিয় ভাবে সহায় সহযোগ কৰা।ৰাইজৰ  মাজত সজাগতা সৃষ্টি  কৰাৰ উদ্দেশ্যেৰে ইতিমধ্যে 'চেভ ভৰলু' অভিযানে বিভিন্ন পদক্ষেপ হাতত লৈছে, তাৰ ভিতৰত মহানগৰীৰ বিভিন্ন অঞ্চল সংযোগী পথসমূহত চাইকেল ৰেলী উলিওৱা, ভিন  ভিন  পথ সামৰি প্লে কাৰ্ড আৰু বেনাৰ লৈ পদযাত্ৰা কৰা, স্কুলীয়া ছাত্র ছাত্ৰীৰ মাজত ভৰলু বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতা ,ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা, ভৰলুৰ বৰ্তমানৰ অৱস্থাৰ বাবে দায়ী কোন এই  সন্দৰ্ভত সদৌ অসম ভিত্তিত কলেজীয়া ছাত্র ছাত্ৰীৰ মাজত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা, সচেতনতা বৃদ্ধিৰ হকে গণ সংযোগ সভাৰ আয়োজন/ অনুষ্ঠিত কৰা, ভৰলু নৈৰ পাৰে পাৰে নতুবা দা‍ঁতি কাষৰীয়া ঠাইবোৰত সঘনাই 'মানৱ শৃংখল'  ৰূপত ৰাইজক একগোট  কৰা আদি কাৰ্যসূচী উল্লেখযোগ্য। ইয়াৰ উপৰি কাগজে পত্ৰই ভৰলু- বাহিনী বিষয়ক লিখাৰ জৰিয়তে ৰাইজক সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে অৱগত কৰোৱা, ৰেডিঅ, টিভি অনুষ্ঠানৰ যোগেৰে জনসাধাৰণলৈ বাৰ্তা প্ৰেৰণ কৰা, বিভাগীয় কৰ্তৃপক্ষ তথা দপ্তৰীয় বিষয়াসকলক সাক্ষাৎ কৰি বিষয়টোৰ গভীৰতা আৰু কৰণীয় সম্পৰ্কে আলোচনা বিলোচনা কৰি ভৰলুৰ সমস্যা অনতিপলমে সমাধান কৰাৰ ওপৰত চেভ ভৰলু অনুষ্ঠানে যথেষ্ট  গুৰুত্ব আৰোপ কৰিছে। যি মূল্যৰ বিণিময়তে নহওক কিয় ভৰলু নৈখনক শীঘ্ৰে প্ৰদূষণ মুক্ত কৰি গুৱাহাটী মহানগৰীক সৰ্বাংগ সুন্দৰ কৰাৰ লগতে এখন বাসোপযোগী চহৰ কৰি পুনৰ গঢ়ি তোলাতো চেভ ভৰলু অভিযানৰ কেৱল সপোনেই নহয়, মূল লক্ষ্যও।

                                           


No comments