Breaking News

হিমাচল প্ৰদেশৰ এনে এখন থানা যিখন থানাত এখনো এজাহাৰ আজিলৈকে দাখিল হোৱা নাই।

 


ডিজিটেল ডেস্ক: স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰা পিছতো  হিমাচল প্ৰদেশৰ এনে এখন থানা আছে বুলি জানিব পৰা গৈছে, যিখন থানাত এখনো এজাহাৰ আজিলৈকে দাখিল হোৱা নাই। উল্লেখনীয় যে যোৱা ৭৫ বছৰত মাত্র ৭ টা অভিযোগহে দাখিল হৈছিল থানাত কিন্তু  এই আটাইকেইটা অভিযোগেই অঞ্চলবাসীয়ে  নিজে মীমাংসা কৰি লৈছিল। হিমাচলৰ ৰাজধানী ছিমলাৰ জনজাতীয় ঠাইৰ দোদ্ৰা কোৱাৰ অঞ্চলৰ সিন্ধ গাঁওখনৰ থানাই এনে অবিশ্বাস্য অভিজ্ঞতাৰ সন্মুখীন হৈ আহিছে। এই গাঁওখনৰ লোকসকলে ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি আহিছে। যাৰ বাবে তেওঁলোক সকলোৱেই যিকোনো কাজিয়া-পেচাল হ'লেই  থানত এজাহাৰ দাখিল নকৰি  নিজৰ মাজতেই সকলো মীমাংসা কৰি লয় ।সমুদ্রপৃষ্ঠৰ পৰা ১৪,৮৩০ ফুট উচ্চতাত অৱস্থিত হিমাচল চাঞ্চল উপত্যকাৰ দোড়া কোৱাৰ অঞ্চলত সৰ্বমুঠ পাঁচখন গাঁও আছে। এই গাঁওকেইখনৰ জনসংখ্যা মাত্ৰ ৮ হেজাৰ বুলি জনা গৈছে ।

No comments