Breaking News

অসমত পোন প্ৰথমবাৰৰ বাবে গছপুলি প্ৰতিপালন দিৱস পালন পৰিৱেশ সুৰক্ষা সমিতিৰ।

 


ডিজিটেল সংবাদ, তিনিচুকীয়া: 
অসমত পোন প্ৰথমবাৰৰ বাবে গছপুলি প্ৰতিপালন দিৱস উদযাপন কৰে পৰিৱেশ সুৰক্ষা সমিতি, অসমে। কাৰ্যসূচী অনুসৰি প্ৰথমে মহান মনীষী ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় উপ সভাপতি দিগন্ত ভট্ট। পুষ্প তৰ্পণ কৰে জিলা সভাপতি পৱন বৰুৱা গছপুলি বিতৰণ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মুখ্য সংস্কৃতি সম্পাদক জিন্টু শইকীয়া। গছপুলি বিতৰণৰ শুভাৰম্ভ কৰে জিলা সভাপতি পৱন বৰুৱাই। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ বৰ্ষজোৰা গছপুলি ৰোপণ, প্ৰতিপালন আৰু বিতৰণ কাৰ্যসূচী অন্তৰ্গত গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে  কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই।কাৰ্যসূচী শুভাৰম্ভ কৰি নৱবৰ্ষৰ প্ৰথম দিনটোত প্ৰত্যেককে এটাকৈ গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ দায়িত্ব লৈ এজোপা বৃহৎ গছৰ ৰূপ দি গোলকীয় উষ্ণতা বৃদ্ধি আৰু বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ সহায়ক হবলৈ আহ্বান জনায়। কাৰ্যসূচীৰ মাজত অসমৰ তৰুণ প্ৰজন্মৰ বিশিষ্ট কবি বিকাশ জ্যোতি শইকীয়াৰ পৰিকল্পনাৰে পাতসীয়া প্ৰকাশনৰ দ্বাৰা বৌদ্ধিক মহীৰূহ ডঃ হীৰেন গোহাঁইলৈ সন্মান জনাই এখন টেবুল কেলেণ্ডাৰ উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক অমূল্য খাটনিয়াৰে। আজি কাৰ্যসূচীত সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক উজ্জ্বল বৰুৱা , গীতিকাৰ সুৰকাৰ জুন ৰহমান,  সমন্বয় যুৱ সমাজ সংস্থাৰ সম্পাদক প্ৰাঞ্জল নেওগ, পৰিৱেশ সুৰক্ষা সমিতিৰ জিলা উপসভাপতি জীৱন দত্ত, ৱাজিদ আলি খান, সহকাৰী সম্পাদক ক্ৰমে স্বপন দে, বিচিত্ৰ বৰঠাকুৰ, কিশোৰ চাহ, কেন্দ্ৰীয় সদস্য অপূৰ্ব দাস, তিনিচুকীয়া আঞ্চলিক ছাত্র সন্থাৰ সম্পাদক নয়ন জ্যোতি বেজবৰুৱা উপস্থিত থাকে। আজিৰ কাৰ্যসূচী পৰিচালনা কৰে যুৱ সাংবাদিক ৰাণা দ্বীপ দুৱাৰই।

No comments