Breaking News

কোষেশ্বৰ খনিকৰৰ ৰচনাৱলী উন্মোচন.....


ডিজিটেল সংবাদ, গোলাঘাট:
নতুন সাহিত্য পৰিষদ গোলাঘাট শাখাৰ উদ্যোগত আৰু কোষেশ্বৰ খনিকৰৰ পৰিয়ালৰ সহযোগত শনিবাৰে বিশিষ্ট শিক্ষাবিদ প্রয়াত কোষেশ্বৰ খনিকৰৰ ৰচনাৱলীৰ দ্বিতীয় আৰু তৃতীয় খণ্ড উন্মোচন কৰা হয়। নতুন সাহিত্য পৰিষদৰ গোলাঘাট শাখাৰ সভাপতি চফিয়া হুছেইন আৰু সহকাৰী সম্পাদক ৰাজুমণি গগৈয়ে আঁত ধৰা আৰু বিশিষ্ট শিক্ষাবিদ পুণ্যেশ্বৰ পূজাৰীৰ সভাপতিত্বত অনুষ্ঠিত গ্রন্থ উন্মোচনী সভাত খণ্ড দুটা উন্মোচন কৰে ক্ৰমে বিশিষ্ট প্ৰৱন্ধকাৰ ডাঃ অজিত বৰুৱা আৰু বিশিষ্ট সমাজকর্মী প্রখ্যাত দুৱৰাই। গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটিৰ প্ৰেক্ষাগৃহত যুগল কিশোৰ বৰাৰ দ্বাৰা পৰিৱেশিত এটি বৰগীতেৰে শুভাৰম্ভণি কৰা উন্মোচনী সভাখনত গ্রন্থ উন্মোচন কৰি বিশিষ্ট সাহিত্যিক ডাঃ অজিত বৰুৱাই প্ৰয়াত শিক্ষাবিদ কোষেশ্বৰ খনিকৰৰ আদৰ্শ আৰু কৰ্মৰাজীৰ সন্দৰ্ভত আলোকপাত কৰে। সভাখনত আদৰণী ভাষণ প্ৰদান কৰে কোষেশ্বৰ খনিৰৰ দুহিতা চেতনা খনিকৰে। ইয়াৰ পিছতে ৰচনাৱলী খণ্ড দুটাৰ সন্দৰ্ভত বক্তব্য ৰাখে খনিকৰৰ অন্য দুগৰাকী দুহিতা ক্ৰমে শান্তনা খনিকৰ আৰু ডাঃ জুৰি খনিকৰে। গোলাঘাট শিক্ষক-শিক্ষণ মহাবিদ্যালয়ৰ প্ৰবক্তা ড০ বর্ণালী শৰ্মাই প্রয়াত কোষেশ্বৰ খনিকৰৰ স্মৃতিত স্মৃতিচাৰণ কৰাৰ উপৰিও অনুষ্ঠানটোৰ উদ্যোক্তা অনুষ্ঠান নতুন সাহিত্য পৰিষদ গোলাঘাটৰ হৈ বক্তব্য প্রদান কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক  হেম ফুকনে। সভাৰ আৰম্ভণিতে প্রয়াত কোষেশ্বৰ খনিকৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে পৰিবাৰ অনু খনিকৰে। অনুষ্ঠানৰ মাজতে লোকসংগীতজ্ঞ ৰুমী শইকীয়াৰ নেতত্বত তেওঁৰ দলে পৰিৱেশন হোৱা সংগীতানুষ্ঠানে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উল্লেখ্য কোষেশ্বৰ খনিকৰৰ ৰচনাৱলীৰ প্ৰথম খণ্ডটি নতুন সাহিত্য পৰিষদ কলগছিয়াৰ অধিৱেশনত উন্মোচন কৰা হয়।

No comments