Breaking News

পর্বতাৰোহী হেদায়েৎ আলীয়ে এন্টার্কটিকাৰ শিখৰ মাউণ্ট ভিনচেণ্টৰ শীৰ্ষত অসমীয়াৰ স্বাভিমানৰ গামোচা উৰুৱাবলৈ সক্ষম হ'ল।


  ডিজিটেল ডেস্ক: যুক্তৰাষ্ট্ৰৰ  বাসিন্দা  পর্বতাৰোহী হেদায়েৎ আলীয়ে বৰফৰ দেশ এন্টার্কটিকাৰ শিখৰ মাউণ্ট ভিনচেণ্টৰ শীৰ্ষত  অসমীয়াৰ স্বাভিমানৰ গামোচা উৰুৱাবলৈ সক্ষম হ'ল।গুৱাহাটীৰ দুঃসাহসিক ক্ৰীড়া সংগঠন EXPLORERSৰ সদস্য হেদায়েৎ আলীয়ে হিমাংকৰ ৪৫ ডিগ্ৰী তলৰ প্ৰবল শীতৰ মাজত অভিযান অতিক্ৰম  কৰি এই দুর্দান্ত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। যোৱা ২৪ ডিচেম্বৰৰ দিনাই এই কৃতিত্ব তেওঁ অৰ্জন কৰিছিল যদিও যোগাযোগ নোহোৱাৰ বাবে আজিহে হেদায়েৎ আলীৰ সাফল্যৰ বাতৰি পোহৰলৈ আহে।আলীয়ে এন্টার্কটিকা অভিযানৰ বাবে যোৱা ১৪ ডিচেম্বৰত ছান ফ্রান্সিস্কোৰ পৰা ৰাওনা হৈছিল।১৮ ডিচেম্বৰৰ দিনা এন্টার্কটিকাৰ ইউনিয়ন গ্লেচিয়েৰত চিলিৰ পৰা বিমানেৰে গৈ অৱতৰণ কৰাৰ পিচত ২০ ডিচেম্বৰত আলীয়ে বেছ কেম্পত উপস্থিত হয়গৈ। ২৪ ডিচেম্বৰৰ দিনা পুৱা দহ বজাত ছাম্মিট কেম্পৰ পৰা  শিখৰৰ শীৰ্ষৰ দিশে অভিযান আৰম্ভ কৰিছিল। এন্টার্কটিকাৰ প্ৰচণ্ড শীতপ্রবাহৰ সহযোগি লগতে সুতীব্র বতাহক নেওচি যাত্রা অব্যাহত ৰাখি সন্ধিয়া ৬.০৫ বজাত  ভিনচেণ্ট মেছিফৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হয়। আলীয়ে শিখৰত EXPLORERSৰ লগতে তেওঁ পঢ়ি যোৱা গোৱালপাৰা সৈনিক স্কুল আৰু সমালোচ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পতাকা উৰুৱাই দিয়ে।  তাৰ পিছতে তেওঁ উভতি যায় ছান ফ্রান্সিস্কোৰ নিজৰ ঘৰলৈ।

No comments