Breaking News

মানুহৰ বিষ্ঠা চাফা কৰা এগৰাকী মহিলা ডেপুটি মেয়ৰ নিৰ্বাচিত


ডিজিটেল ডেস্ক: যোৱা ৪০ বছৰ মানুহৰ বিষ্ঠা মূৰত তুলি নিয়াৰ  কাম কৰা এগৰাকী মহিলাক নিৰ্বাচন কৰি বিহাৰৰ অলপতে অনুষ্ঠিত নিৰ্বাচনত চিন্তা দেৱীক গয়াৰ মেয়ৰ বিনি হিচাপে নিৰ্বাচিত কৰা হয়। গয়াৰ নৱ-নির্বাচিত মেয়ৰ গণেশ পাছোৱানে   নিজৰ ভাষণত কয় যে গয়াত যেতিয়া  কমসংখ্যক শৌচাগাৰ  আছিল তেতিয়া এগৰাকী চাফাই কৰ্মী হিচাপে মূৰত মানুহৰ বিষ্ঠা কঢ়িওৱা চিন্তা দেৱীক নির্বাচন কৰি  সমগ্ৰ পৃথিৱীৰ বাবে  গয়াৰ জনসাধাৰণে এটা উদাহৰণ দেখুৱালে।  চিন্তা দেৱীয়ে এগৰাকী চাফাই কৰ্মী আৰু শাক-পাচলি বিক্রেতা হিচাপেও কাম কৰিছিল। প্ৰাক্তন ডেপুটি মেয়ৰ মোহন শ্রীবাস্তৱেও চিন্তা দেৱীক সমৰ্থন কৰিছিল। তেওঁ কয় যে নিৰ্বাচনত জয়লাভ কৰি তেওঁ ইতিহাস সৃষ্টি কৰিলে।  ১৯৯৬ চনত নীতিশ কুমাৰৰ জনতা দল-ইউনাইটেডৰ প্ৰাৰ্থী ভগৱতী দেৱী গয়া সমষ্টিৰ পৰা লোক সভালৈ নিৰ্বাচিত হৈছিল আৰু তেওঁ শিল ভঙাৰ কাম কৰা এগৰাকী সাধাৰণ শ্রমিক। তেওঁ আছিল উপাত্ত মুছাসম্প্ৰদায়ৰ মহিলা।

No comments