Breaking News

আমেৰিকাৰ টেলিভিছনৰ প্ৰথম গৰাকী মহিলা ঘোষিকা বাৰবাৰ ৱাল্টাৰ্ছৰ মৃত্যু


ডিজিটেল ডেস্ক: 
আমেৰিকা টিভিৰ প্ৰথম গৰাকী ঘোষিকা বাৰবাৰা ৱাল্টাৰ্ছৰ ৯৩ বছৰ বয়সত মৃত্যু হয়।এই বাতৰি শুক্ৰবাৰে  প্ৰকাশ কৰে  আমেৰিকা এটা সংবাদ মাধ্যমে ।ৱাল্টাৰ্ছে  'টুডে' নামৰ এটা টিভি অনুষ্ঠানত  কো-হ'ষ্ট  আৰু ঘোষিকা ৰূপে কাম কৰি নাৰীৰ ওপৰত থকা বাধা উলংঘন কৰিছিল ।তেওঁ টক শ্ব' 'দ্য  ভিউ' আৰু এ বি চি বাতৰিত দীৰ্ঘসময় ঘোষিকা ৰূপে কাম কৰিছিল ।৫০ বছৰতকৈ অধিক সময় তেওঁ টিভিত কাম কৰিছিল ।৮৪ বছৰ বয়সত তেওঁক 'দ্য ভিউ'ত  দেখা পোৱা গৈছিল।সংবাদ মাধ্যমৰ মতে মেনহাট্ৰানৰ নিজা বাসগৃহত ৱাল্টাৰ্ছৰ মৃত্যু হয়

No comments