Breaking News

তামুলপুৰ আৰক্ষীৰ নাকা চেকিং এদিনতে বিহিলে ৪৫ হাজাৰ টকাৰ জৰিমনা ।

  


ডিজিটেল সংবাদ, তামুলপুৰ: 
মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চলালে নাকা চেকিং । সুৰামত্ত গাড়ী চালকৰ লগতে দুচকীয়া বাহনৰ হেলমেট পৰিধান নকৰা আৰু উপযুক্ত নথিপত্ৰ নোহোৱা চালকৰ পৰা আৰক্ষীয়ে বিহিলে জৰিমনা। তামুলপুৰ আৰক্ষী থানাৰ সন্মুখত আজি পুৱাৰে পৰা আৰক্ষীয়ে এনেদৰে নাকা চেকিং চলোৱাৰ লগতে বৰ্তমানলৈ প্ৰায় ৪৫ হেজাৰ টকাৰ জৰিমনা বিহা হৈছে বুলি তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাষ্কৰ দেওঁঘৰীয়াই জানিবলৈ দিয়ে।

No comments