Breaking News

নুমলীগড় ৰিফাইনেৰী এমপ্লইজ ইউনিয়নৰ সপ্ত শ্বহীদ সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাৰ সামৰণি


ডিজিটেল সংবাদ, নুমলীগড়: 
শ্ৰেষ্ঠ নাট্যদল মঙ্গলদৈৰ জেংৰাই অসম ।এই দৃশ্য এন আৰ এল নগৰাঞ্চলৰ সাৰ্বজনীন কেন্দ্ৰৰ। পংকাৰ সপ্ত শ্বহীদৰ লগতে অসমৰ প্ৰতিজন শ্বহীদক যাতে প্ৰতিজন অসমীয়াৰ হৃদয়ত স্মৃতি সজীব হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি নুমলীগড় ৰিফাইনেৰী এমপ্লয়িজ ইউনিয়নে গ্ৰহণ কৰি আহিছে প্ৰশংসনীয় পদক্ষেপ ৷   মূঠ ১০ টা দলে অংশগ্ৰহণ কৰা নাট প্ৰতিযোগিতাৰ অন্তত বিচাৰকে ঘোষনা কৰা ফলাফল অনুসৰি মঙ্গলদৈৰ জেংৰাই অসম নাট্যদলৰ নাটক “ডিগনিটি অব লেবাৰ “শ্ৰেষ্ঠ নাট্যদল , দ্বিতীয় শ্ৰেষ্ঠ বোকাখাটৰ  সাৰথি  নাট্যদলৰ নাটক “ভেকুৱাম“ , তৃতীয়  নব্য নাট্যকৰ্মী দল বোকাখাটৰ নাটক “জীৱনমুখী বাট“ ৷ শুকুৰবাৰে সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হোৱা বঁটা বিতৰণী সভাত বিশিষ্ট অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্য , কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অভিবৰ্তন গোস্বামী , অভিনেতা জয়ন্ত ভাগৱতী , গীতাৱলী ৰাজকুমাৰীয়ে ৷ নুমলীগড় শোধনাগাৰ এমপ্লয়িজ ইউনিয়নৰ এনে পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে ৷শুকুৰবাৰে সন্ধিয়া বঁটা বিতৰণীৰ অন্তত  সাংস্কৃতিক অনুষ্ঠানত মহাবীৰ লাচিতৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে বীৰ লাচিত বৰফুকন পূৰ্ণাংগ নাটক মঞ্চায়ন কৰে  যোৰহাট থিয়েটাৰ নাট্যদলে ৷ সাংবাদিকৰ সন্মুখত ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ই কয় অসম চৰকাৰে শীঘ্ৰেই অপেচাদাৰী নাট্যদল সমুহক আৰ্থিক অনুদান প্ৰদান কৰি দল সমুহক অধিক উৎসাহী কৰি তোলক ৷ লগতে এন এচ ডি ৰ আৰ্হিত অসমত চৰকাৰী নাট্য বিদ্যালয় প্ৰতিষ্ঠাৰ বাবে দাবী জনায় ৷ এইক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰিবৰ বাবে ড° ভট্টাচাৰ্যই দাবী জনায় ৷

No comments