Breaking News

বাৰেপতি অসমৰ ভূমিলৈ চকু কিয় নাগালেণ্ডৰ



ডিজিটেল সংবাদ, 
ধনশিৰি : গোলাঘাট জিলাৰ  অসম নাগালেণ্ড সীমান্তত পুনৰ নগাৰ আগ্ৰাসন ৷ এইবাৰ অসমৰ মাটিত নগাই স্থাপন কৰিলে নতুন গাঁও আৰু বজাৰ  ধনশিৰি মহকুমাৰ চুঙাজান মাজগাওঁ পঞ্চায়তৰ অন্তৰ্গত মহিমা গাঁৱত নগাই চিহৌট ভেলেজ নামেৰে গাওঁ  স্থাপন কৰি নতুনকৈ সংযোজন কৰিলে  ভিকেটো চিচি মাৰ্কেট নামৰে এখন বজাৰ।ইয়াৰ পূৰ্বে সেই স্থানতে নগাই  ফলক লগাবলৈ পকা খুটা নিৰ্মাণ কৰিছিল যদিও সীমান্ত দণ্ডাধীশে সেই কাম বন্ধ কৰি দিছিল।ধনশিৰি মহকুমা প্ৰশাসন তথা সীমান্ত দণ্ডাধীশৰ চকুৰ সন্মুখতে অসমৰ মাটিত নিতৌ নগাই এনেদৰে  চলাই গৈছে আগ্ৰাসন। ডাঙৰ কথা মহকুমা প্ৰশাসনৰ চকুৰ সন্মুখতে বাৰে বাৰে কিয় এনেবোৰ কায্য সংঘটিত  হব পাইছে প্ৰশ্ন হয় জোৰ কমিছে নেকি ধনশিৰি মহকুমা প্ৰশাসনৰ



No comments