Breaking News

চলিত বৰ্ষৰ কেইটামান আৱশ্যকীয় বাণিজ্যিক সংলগ্নকৰণ

 


ডিজিটেল ডেস্ক: 
 ২০২২ৰ আৰম্ভণিতে আমেৰিকাৰ ধনাঢ্য উদ্যোগপতি এলন মাস্কে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰ অধিগ্ৰহণৰ কথা ঘোষণা কৰে। প্ৰথম অৱস্থাত মাস্কৰ এই প্ৰস্তাৱক টুইটাৰ প্ৰতিষ্ঠানটোৱে আদৰণি জনাইছিল যদিও চুক্তিৰ ধনৰাশিক লৈ বহু বাদ বিবাদ আৰম্ভ হোৱাত কিছুদিনলৈ এই চুক্তি স্থগিত ৰখা হয়। ইয়াৰ পিচতে ৪৪ বিলিয়ন ডলাৰত সম্পাদিত হয় এলন মাস্ক‌-টুইটাৰ চুক্তি ।

পি ভি আৰ-আইনক্স : ১,৫০০তকৈ অধিক ছবিৰ পৰ্দাৰে ভাৰতৰ সৰ্ববৃহৎ মাল্টিপ্লেক্স শৃংখল গঠনৰ লক্ষ্যৰে ২০২২ত সংলগ্ন হয় 

এইচ ডি এফ চি লিমিটেড-এইচ ডি এফ চি বেংক ঃ ২০২২ত সম্পাদিত বৃহৎ বিত্তীয় চুক্তিসমূহৰ . ভিতৰত অন্যতম আছিল ব্যক্তিগত খণ্ডৰ বেংক প্ৰতিষ্ঠান এইচ ডি এফ চি বেংক আৰু ভাৰতৰ অন্যতম বৃহৎ হাউছিং ফাইনেন্স প্রতিষ্ঠান এইচ ডি এফ চি লিমিটেডৰ সংলগ্নকৰণৰ চুক্তি। 

 টাটা গ্রুপ-এয়াৰ ইণ্ডিয়া : বহু বছৰ ধৰি ঋণৰ বোজা বহন কৰি থকা ৰাজহুৱা খণ্ডৰ বিমান প্রতিষ্ঠান এয়াৰ ইণ্ডিয়া অধিগ্ৰহণ কৰে টাটা গ্রুপে। প্ৰতিষ্ঠানটোৱে লগতে এয়াৰ ইণ্ডিয়াক ভিষ্টাৰাৰ সৈতে সংলগ্ন কৰাৰ কথাও প্রকাশ কৰে। 

আদানি গ্রুপ-অম্বুজা চিমেণ্ট : দ্রুতগতিত বিকাশ লাভ কৰি থকা আদানি গ্রুপে অম্বুজা চিমেণ্ট আৰু ইয়াৰ সহযোগী গ্ৰুপ এ চি চি লিমিটেডৰ অধিকাংশ অংশীদাৰিত্ব ক্রয় কৰে। আদিত্য বিৰলা গ্ৰুপৰ আলট্রা ট্ৰেকৰ পিচতে দেশৰ দ্বিতীয় বৃহৎ চিমেণ্ট প্রস্তুতকাৰী হিচাপে পৰিগণিত হৈছে আদানি গ্রুপ।

আদানি গ্রুপ-এন ডি টিভি : দেশৰ প্ৰায় সকলো খণ্ডতে ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰি থকা আদানি গ্রুপে ২০২২ত হস্তগত কৰিছে নিউজ চেনেল এন ডি টিভি। এই অধিগ্রহণ সম্পাদন হোৱাৰ পিচতে পদত্যাগ কৰে এন ডি টিভিৰ সাংবাদিক ৰবিশ কুমাৰে।

No comments