Breaking News

যোৰহাটৰ বিশিষ্ট ভিডিঅগ্ৰাফাৰ , প্ৰিণ্টিং টেকনলজীৰ বিশেষজ্ঞ মুকুণ্ড মাধৱ বৰুৱাৰ মৃত্যু।




ডিজিটেল সংবাদ,যোৰহাট:
  যোৰহাটৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী , প্ৰিণ্টিং টেকনলজীৰ বিশেষজ্ঞ মুকুণ্ড মাধৱ বৰুৱাৰ  দেওবাৰে সন্ধিয়া হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ দেহাৱসান হয় । যোৰহাট নগৰৰ বৰডা ফুকন ৰোডৰ বাসিন্দা বৰুৱাই কৰ্মসূত্ৰে  যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়ৰ কৃষি প্ৰযুক্তি তথ্য কেন্দ্ৰৰ জ্যেষ্ঠ ভিডিঅ' তথা ফটো গ্ৰাফি  বিশেষজ্ঞ হিচাপে সেৱা আগবঢ়াই আহিছিল ।মৃত্যুৰ সময়ত বৰুৱাই পত্নী সহ এজন পুত্ৰ আৰু এগৰাকী কন্যাক ইহ সংসাৰত এৰি থৈ যায়। বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত জৰিত মুকুণ্ড মাধৱ বৰুৱাৰ আকস্মিক মৃত্যুত  অসম কৃষি বিশ্ববিদ্যালয়ত শোকৰ ছাঁ পৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড: ৰঞ্জিত কুমাৰ সাউদে বিশ্ববিদ্যালয় পৰিয়ালৰ হৈ শেষশ্ৰদ্ধা জ্ঞাপন কৰে।নৱবৰ্ষ উপলক্ষে অসম কৃষি বিশ্ববিদ্যালয় পৰিয়ালক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই সম্বোধন কৰা কাৰ্যসূচীৰ আৰম্ভণিতে বিশ্ববিদ্যালয় পৰিয়ালৰ প্ৰয়াত সকলৰ লগতে মুকুণ্ড মাধৱ বৰুৱাৰ   বিদেহ আত্মাৰ সদগতিৰ কামনা কৰি মৌন প্ৰাৰ্থনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়ত সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড: প্ৰসন্ন কুমাৰ পাঠকৰ পৌৰহিত্যত হোৱা শোকসভাত বৰুৱাৰ আত্মাৰ সদগতিৰ কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।মুকুন্দ মাধৱ বৰুৱা মৃত্যুত যোৰহাট সাংস্কৃতিক মঞ্চৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে ।

No comments