Breaking News

ভাৰত-বাংলাদেশ সীমান্তত ৯,৪০০ টা চোৰাং গৰু জব্দ,

 


ডিজিটেল ডেস্ক:২০২২ বৰ্ষত ভাৰত-বাংলাদেশ সীমান্তত ৯,৪০০ টা চোৰাং গৰু জব্দ, ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত পহৰাৰ দায়িত্বত নিয়োজিত বি এছ এফৰ গুৱাহাটী ফ্রণ্টিয়াৰ মুখ্য কার্যালয়ে অসম আৰু পশ্চিমবংগৰ মুঠ ৫০৯ কিলোমিটাৰ ভাৰত-বাংলাদেশ সীমান্তৰ পহৰা কাৰ্যত নিয়োজিত হৈ আছে। বিগত বৰ্ষৰ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ বি এছ এফৰ গুৱাহাটী ফ্রণ্টিয়াৰৰ তিনিটা ছেক্টৰ কাৰ্যালয়ে সীমান্তত বাংলাদেশলৈ সৰবৰাহ কৰা অৱস্থাত ৯,৪০০ টা চোৰাং গৰু সৰবৰাহকাৰীৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে। ৫১,৬১৫ বটল ফেন্সিডাইল, ৫,১৯৬ কিলোগ্রাম ভাং, ৪৭,০৬৩ টা য়াবা টেবলেট, ৫.১৩ লাখ টকাৰ জালনোট আৰু দুটা দেশত নির্মিত পিষ্টল জব্দ কৰিবলৈ সক্ষম হৈছে। অভিযানত বি এছ এফে ১৫৫ জন ভাৰতীয় আৰু ৭৯ জন বাংলাদেশী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জব্দ কৰা সামগ্ৰীসমূহৰ বজাৰ মূল্য প্রায় ১৩.০৫ কোটি টকা।

No comments