Breaking News

ঐতিহাসিক ৰংপুৰৰ সু-সন্তান ক্রীড়াবিদ অর্জুন ভোগেশ্বৰ বৰুৱা শাৰীৰিকভাৱে অসুস্থ


 ডিজিটেল ডেস্ক:
 শিৱসাগৰৰ  অ' এন জি চি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ভোগেশ্বৰ বৰুৱাৰ ।   ৮৬ বছৰীয়া ক্রীড়াবিদগৰাকীৰ আঁঠুৰ বিষৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ১৯৬৬ চনতে বেংককত অনুষ্ঠিত এছিয়ান গেমছত সোণৰ পদকেৰে ভাৰতবাসীৰ লগতে উত্তৰ-পূৰ্বাঞ্চলবাসীক গৌৰৱান্বিত কৰা ভোগেশ্বৰ বৰুৱাৰ অসুস্থতাৰ বাতৰিয়ে ৰাইজক উদ্বিগ্ন কৰি তুলিছে। ঐতিহ্যমণ্ডিত জয়সাগৰৰ সুন্দৰপুৰ তিনিআলি নিবাসী ভোগেশ্বৰ বৰুৱাই এসময়ত জয়সাগৰ পুখুৰীৰ পাৰত সীমিত সুবিধাৰ মাজেৰেই অনুশীলন কৰি বিশ্ববাসীক চমকিত কৰি তোলা, অর্জুন সন্মান লাভ কৰা ক্রীড়াবিদগৰাকীৰ আঁঠুৰ গুৰুতৰ সমস্যাৰ বাবে ভালদৰে খোজ কাঢ়িব নোৱৰা অৱস্থাৰ সন্মুখীন হৈছে। যাৰ বাবে চিকিৎসালয়ৰ বিছনাত পৰি থকা অর্জুন বৰুৱাই আগত ডিব্ৰুগড় আৰু হোজাইৰ দুটাকৈ ক্ৰীড়ানুষ্ঠানত কৰিব নোৱৰাত আক্ষেপ প্রকাশ কৰে। ৰাজ্যৰ ইতিহাসৰ অন্যতম কালজয়ী  ক্রীড়াবিদগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বৰ বাবে বৰ্তমানলৈকে কোনো চৰকাৰী বিষয়া বা প্রতিনিধিৰ সময় হোৱা নাই।নতুন প্রজন্মৰ খেলুৱৈসকলৰ বাবে সাহস, প্ৰেৰণা আৰু আদৰ্শৰ প্ৰতীক অর্জুন ভোগেশ্বৰ বৰুৱাৰ শীঘ্ৰে আৰোগ্য কামনা কৰিছে সাধাৰণ লোকে।

No comments