Breaking News

দেওবাৰে নিশা পথ দুৰ্ঘটনাত আহত প্ৰখ্যাত শিল্পী মহেন্দ্ৰ হাজৰিকা



ডিজিটেল সংবাদঃ শিৱসাগৰঃ দেওবাৰে নিশা পথ দুৰ্ঘটনাত আহত প্ৰখ্যাত শিল্পী মহেন্দ্ৰ হাজৰিকা । দেওবাৰে নিশা শিল্পী মহেন্দ্ৰ হাজৰিকাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হয়। জয়সাগৰৰ পৰা শিৱসাগৰ অভিমুখে আহি থকাৰ সময়তে দিখৌ দলঙৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। নিয়ন্ত্রণ হেৰুৱাই দলঙৰ কাষৰ এজোপা গছত খুন্দিওয়াৰ ফলতেই ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোৰ পিছতেই ততাতৈয়াকৈ স্থানীয় ৰাইজৰ সহযোগত শিল্পীগৰাকীক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।মূৰ আৰু হাতত আঘাত পাইছে শিল্পী হাজৰিকাই। বৰ্তমান শিল্পীগৰাকীৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

No comments