Breaking News

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু ৰাজকোটস্থিত প্রশান্তি চিকিৎসাসেৱা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

 


ডিজিটেল ডেস্ক: শনিবাৰে  মুখ্যমন্ত্ৰী ড° বিশ্ব শৰ্মাৰ উপস্থিতিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু ৰাজকোটস্থিত প্রশান্তি চিকিৎসাসেৱা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।  ৰাজকোট আৰু আহমেদাবাদৰ শ্ৰীসত্য সাই হার্ট হস্পিতেলে সমাজৰ বঞ্চিত শ্ৰেণীৰ অন্তর্গত ৫০০ শিশু আৰু সম সংখ্যক প্রাপ্তবয়স্ক লোকক  হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিব আৰু ইয়াৰ বাবে দুবছৰ সময়ৰ প্ৰয়োজন হ'ব। ৰাজ্যখনত বাস কৰা  লোকসকলক বহন কৰিব পৰা স্বাস্থ্যসেৱা উপলব্ধ কৰাৰ দিশত শনিবাৰে  চুক্তিখন এক নতুন আৰম্ভণি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে প্রশান্তি মেডিকেল অর্ভিচেজ এণ্ড বিছাৰ্চ ফাউণ্ডেশ্যনৰ ট্ৰাষ্টীসকলক তেওঁলোকৰ সেৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে কয় যে ইয়ে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলক যথেষ্ট পৰিমাণে সকাহ প্ৰদান কৰিব। আর্থিকভাৱে দুৰ্বল লোকসকলে অস্ত্ৰোপ্ৰচাৰৰ বাবে প্ৰয়োজনীয় অত্যাধিক পৰিমাণৰ ধন ব্যয় কৰিব নোৱৰা বাবে অস্ত্ৰোপচাৰৰ পৰিৱৰ্তে  ঔষধ সেৱন কৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ৰাজকোটস্থিত দাতব্য ট্ৰাষ্টৰ সৈতে কৰা চুক্তিৰ ফলত এই পৰিয়ালৰ লোকসকলে যথেষ্ট সকাহ পাব। মুখ্যমন্ত্রীয়ে কয় যে এই চুক্তিৰ অধীনত ৰোগীৰ অস্ত্ৰোপচাৰ আৰু আনুষংগিক চিকিৎসাৰ সমস্ত খৰচ ৰাজকোটস্থিত দাতব্য টোষ্টে বহন কৰিব যদিও ৰোগী আৰু তেওঁলোকৰ সৈতে যোৱা লোকসকলৰ ভ্ৰমণ আৰু অন্যান্য যাৱতীয় খৰচ ৰাজ্য চৰকাৰে বহন কৰিব। ।এই অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ শ্ৰী আৰ এম চ্চায়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় বিচাৰপতিদ্বয় শ্ৰী এন কোটেশ্বৰ সিং আৰু শ্ৰীসুমন শ্যাম, সতীৰ্থ মন্ত্ৰী শ্ৰীকেশৱ মহন্ত, প্ৰশান্তি মেডিকেল ছাৰ্ভিচেছ এণ্ড ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ মাননীয় পৰিচালন ন্যাষৰক্ষী শ্ৰীমনোজ ভিমানীকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

No comments