Breaking News

পেন্সনৰ পৰা বঞ্চিত ৫ বিভাগৰ ৱৰ্কচার্জ কৰ্মচাৰী

 


ডিজিটেল ডেস্ক:
পেন্সনৰ পৰা বঞ্চিত ৫ বিভাগৰ ৱৰ্কচার্জ কৰ্মচাৰী ....এহেজাৰ কৰ্মচাৰীৰ প্ৰতি সদয় হ’বলৈ মুখ্যমন্ত্ৰীক আহ্বান বাসৱ কলিতাৰ ,ৰাজ্যৰ লোকনিৰ্মাণ ( পথ ) বিভাগ , লোকনির্মাণ ( গৃহ ) বিভাগ , জলসম্পদ বিভাগ , জলসিঞ্চন বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী এই পাঁচোটা বিভাগত ৱৰ্কচার্জ কৰ্মচাৰী হিচাপে দীর্ঘকাল সেৱা আগবঢ়াই অৱসৰৰ পিচত এটা পেলনৰ সুবিধাৰ পৰা বঞ্চিত হৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে বিভাগটোৰ কৰ্মচাৰীসকলক লৈ অনুষ্ঠিত কৰা আজিৰ বিশেষ সাংগঠনিক সভাই । মহানগৰীত অনুষ্ঠিত সভাত অংশ লৈ সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ কলিতায়ো  ১৯৯৩ চনৰ ১ এপ্ৰিলৰ পিচত বিভাগকেইটাত শাখা সহায়ক হিচাপে নিয়োজিত ৱৰ্কচার্জ কৰ্মচাৰীসকলে চৰকাৰৰ পৰা নির্দিষ্ট হাৰত দৰমহাকে ধৰি অন্যান্য সা - সুবিধা পালেও তেওঁলোকৰ চাকৰি নিয়মীয়া নোহোৱাৰ ফলত পেন্সনকালীন কোনো সুবিধা নাপায় । একাংশ কর্মচাৰীয়ে চাকৰিৰ পৰা অৱসৰ লাভ কৰিছে যদিও পেন্সনৰ পৰা বঞ্চিত । আজিৰ সাংগঠনিক সভাৰ জৰিয়তে তেওঁলোকৰ ক্ষেত্ৰত ন্যূনতম হলেও পেন্সনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ -ওচৰত দাবী জনোৱা হৈছে । উল্লেখযোগ্য যে ইতিমধ্যে এই লৈ উচ্চ ন্যায়ালয়ৰো কাষ চাপিছে কেতবোৰ কৰ্মচাৰীয়ে ।।

No comments