Breaking News

প্ৰথম বাৰৰ বাবে বিশ্বত অধিবক্তাৰ ৰূপত ৰবট



ডিজিটেল ডেস্ক: বিশ্বত প্ৰথমবাৰৰ বাবে আদালতত এটা পক্ষৰ হৈ ৰবটে প্রতিনিধিত্ব কৰা প্ৰথম ঘটনা। 'নিউ ছায়েন্টিষ্ট'ৰ মতে এই এ আই কার্যক্ষম হৈ থাকিব স্মার্টফ’নত। ই আদালতৰ কাৰ্যবিৱৰণী শুনিব আৰু কি ক'ব লাগে সেয়া পদকীয়াক এয়াৰফ’নৰ যোগেদি জনাব। ই কৃত্রিম বুদ্ধিমত্তা বা এ আইৰ স্ৰষ্টা ডুনটপে'-এ আদালতৰ স্থান অথবা পদকীয়াৰ নাম জনোৱা নাই।  ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানী জশ্বৱা ব্ৰাউডাৰে ২০১৫ চনত কেলিফর্নিয়াত ডুনটপে' প্রতিষ্ঠা কৰিছিল। পদকীয়াৰ ধন ৰাহি কৰিবলৈ, তেওঁৰ এপ-এ অধিবক্তাৰ সম্পূৰ্ণ কাম কৰাটো তেওঁ বিচাৰে। কোম্পানীটোৱে দাবী কৰে যে ‘ডুনটপে’ এপ হৈছে বিশ্বৰ প্ৰথম ৰবট অধিবক্তাৰ ঘৰ।বুটামৰ টিপতে ই কোম্পানীৰ বিৰুদ্ধে যুঁজ দিব, আমোলাতন্ত্ৰক হৰুৱাব আৰু যিকোনো লোকৰ বিৰুদ্ধে গোচৰ তৰিব।মানুহৰ বাবে আদালতত তেওঁলোকৰ হৈ প্রতিনিধিত্ব কৰা অধিবক্তা নিয়োগ কৰাটো এক খৰচী কাম । কিন্তু প্রতিনিধিত্ব কৰিব পৰা যদি কৃত্রিম বুদ্ধিমত্তা ( এ আই ) থকা ৰবট অধিবক্তা থাকে । কথাটো শুনিবলৈ আচৰিত । কিন্তু অহা মাহত আমেৰিকা যুক্তৰাষ্ট্ৰত এনে ঘটনা ঘটিবলৈও গৈ আছে ।

No comments