Breaking News

ইতিহাস হোৱাৰ পথত যোশীমঠ


ডিজিটেল ডেস্ক:হিমালয়ৰ পাদদেশৰ তীৰ্থভূমি যোশীমঠ দেৱভূমিৰ এখন অতি গুৰুত্বপূৰ্ণ সৰু চহৰ । সমুদ্রপৃষ্ঠৰ পৰা ৬,১৫০ ফুট উচ্চতাত অৱস্থিত ১৬,৭০৯ জন বাসিন্দাৰে যোশীমঠ হৈছে বদ্রীনাথ বা হেমকুণ্ডৰ পথত তীর্থযাত্রীৰ আশ্রয়স্থল ।  । ধৌলীগংগা আৰু অলকানন্দা নদীৰ তেনেই সমীপৰ যোশীমঠক বিষ্ণুপ্রয়াগ নদীয়ে সদাই ধুৱাই থাকে । যোশীমঠৰ  সাম্প্ৰতিক ধ্বংসযজ্ঞৰ মূল কাৰণ হৈছে একাধিক জলবিদ্যুৎ প্রকল্প , অত্যধিকভাৱে নিৰ্মাণ কৰা ঘৰ - দুৱাৰ , চৰকাৰী ৰাষ্ট্ৰীয় পথৰ বিস্তৃতি আৰু অবাধে চলোৱা চৰকাৰী - বেচৰকাৰী নিৰ্মাণ । যোশীমঠ প্ৰকৃততে প্রাচীন কালত সংঘটিত ভূমিস্খলনৰ আৱৰ্জনাৰ ওপৰত প্ৰতিষ্ঠা হোৱা এখন চহৰ । সেয়ে জোশীমঠব বহন ক্ষমতা তেনেই কম । ভৌগোলিক কাৰণত ইমানদিনে ভেটি হৈ থকা ভূমিস্খলনৰ আৱৰ্জনা ক্ৰমাৎ তললৈ বহি গৈ আছে ,অত্যধিক নিৰ্মাণৰ ভৰ সহিব নোৱাৰি তেনে নির্মাণ অর্থাৎ ঘৰ , পথ , জলবিদ্যুৎ প্রকল্প ভেটিও তললৈ বহি গৈ আছে আৰু তাৰ ফলত ভুমিৰ উপৰিভাগত থকা নিৰ্মাণৰ অংশ ফাটি , ভাগি গৈছে । ২০১৩ চনত হোৱা হিমালয়ৰ প্ৰলয়ৰ বোকা , গেদ সকলো নলা - নর্দমাত ভৰি পৰি প্ৰচণ্ড ওজনৰ সৃষ্টি কৰিছে ।  বিশেষজ্ঞৰ বিধি নিষেধ অমান্য কৰি চৰকাৰী নিৰ্দেশত নিৰ্মাণ কৰা জলবিদ্যুৎ প্রকল্প , চৰকাৰী বাট - পথৰ অতিৰিক্ত বিস্তৃতি - নির্মাণ , অত্যধিক , অতিৰিক্তভাৱে নিৰ্মাণ কৰা বেচৰকাৰী ঘৰ - দুৱাৰ - হোটেলৰ অসহনীয় ভৰ  । ভেটি দুর্বল যোশীমঠে ইমান ভৰ সহিব নোৱাৰে আৰু তাৰ ফলত চহৰখন , চহৰৰ নিৰ্মাণ তললৈ বহি গৈছে .....

No comments