Breaking News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাছ ধৰা এলেকাত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে।


 ডিজিটেল ডেস্ক: মাঘ বিহুত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাছ ধৰা নিষিদ্ধ প্ৰতি বছৰৰ দৰে এই বছৰো  কাজিৰঙা  ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ৰাইজে মাছ ধৰিব নোৱাৰিব। ৰাষ্ট্ৰীয় উদ্যানখনৰ  মাছ ধৰা এলেকাত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি কেইবাটাও বাধ্যবাধকতা জাৰি কৰিছে।  ৰাজ্যখনৰ প্ৰয়াত মুখ্যমন্ত্ৰী শৰত্ সিংহৰ দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া লোকে মাঘ বিহুৰ উৰুকাৰ দিনা ৰাষ্ট্ৰীয় উদ্যানৰ  এলেকাত থকা কিছু বিলত মাছ ধৰাৰ অনুমতি প্ৰদান কৰিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ৰাইজৰ কাৰণে এক প্ৰথা হিচাপে পৰিণত হৈ পৰিছিল। কিন্তু এইবাৰ এই পৰম্পৰাৰ পৰা ৰাইজ বঞ্চিত হ'ব লাগিব। এই নিৰ্দেশনা ভংগ কৰা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জাননীত উল্লেখ কৰিছে কলিয়াবৰ মহকুমা প্রশাসনে।

No comments