Breaking News

১ ফেব্ৰুৱাৰীৰ দিনটো সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাই ক'লা দিন হিচাপে অভিহিত কৰিছে।


 ডিজিটেল ডেস্ক: 
তামুলপুৰ জিলা সমিতিখন গঠন কৰাৰ উদ্দেশ্যে শনিবাৰে নতুন পেন্সন ব্যৱস্থা আৰু ইয়াৰ পৰিণতি  সম্পৰ্কে আলোচনা কৰাৰ লগতে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ তামুলপুৰত এখন সভা অনুষ্ঠিত হয়। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় সভাকক্ষত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে ড° জয়ন্ত কুমাৰ দাসে আৰু উদ্দেশ্য ব্যাখ্যা কৰে গগন ডেকাই। সভাত অংশগ্ৰহণ কৰি সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই কয় এন পি এছ ব্যৱস্থাই অৱসৰৰ সময়ৰ পিচত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ এন পি এছ ব্যৱস্থা উঠাই দি অনতিপলমে পুৰণি পেন্সন ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। তেওঁ কয় যে ১ ফেব্ৰুৱাৰীৰ দিনটো সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাই ক'লা দিন হিচাপে অভিহিত কৰিছে। যদিহে চৰকাৰে এন পি এছ কৰ্মচাৰী সংস্থাৰ জ্বলন্ত সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে অহা ১ ফেব্ৰুৱাৰীৰ পৰা সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাই ৰাজ্যজুৰি তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তুলিব বুলিও তেওঁ হুংকাৰ দিয়ে। ১ ফেব্ৰুৱাৰীৰ দিনটো সমগ্ৰ উত্তৰ-পূবত ক'লা দিৱস হিচাপে পালন কৰিব বুলিও তেওঁ ঘোষণা কৰে।

No comments