Breaking News

নলবাৰীত অনুষ্ঠিত ইণ্ডিয়ান আৰ্ট হিষ্ট্ৰী কংগ্ৰেছ'ৰ ৩০ তম বাৰ্ষিক অধিবেশনত ৰাজ্য শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা ।



ডিজিটেল সংবাদ,নলবাৰী:
নলবাৰীত আজিৰে পৰা তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ইণ্ডিয়ান আৰ্ট হিষ্ট্ৰী কংগ্ৰেছ'ৰ ৩০ তম বাৰ্ষিক অধিবেশন । জিলাখনৰ চৰকাৰী আগশাৰীৰ শিক্ষানুষ্ঠান নলবাৰী মহাবিদ্যালয়ৰ প্ৰভাত চন্দ্ৰ গোস্বামী প্ৰেক্ষাগৃহত ইণ্ডিয়ান আৰ্ট হিষ্ট্ৰী কংগ্ৰেছ'ৰ এই ৩০ তম বাৰ্ষিক অধিবেশন খন অনুষ্ঠিত কৰা হৈছে । ইতিমধ্যে এই অধিবেশনত অংশ গ্ৰহণ কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শতাধিকৰো অধিক লোকৰ আগমন হৈছে । অধিবেশনৰ আজি প্ৰথম দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপ অংশ গ্ৰহণ কৰে অসমৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই  । মন্ত্ৰী গৰাকীয়ে কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সভাত উপস্থিত শিক্ষাৰ্থী সহ প্ৰতি গৰাকীৰ ব্যক্তিৰ উদ্দেশ্য সাৰুৱা ভাষণ প্ৰদান কৰে  । তদুপৰি ইণ্ডিয়ান আৰ্ট হিষ্ট্ৰী কংগ্ৰেছ'ৰ ৩০ তম বাৰ্ষিক অধিবেশনৰ আজিৰ এই কাৰ্যসূচীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ।                                 

No comments