Breaking News

গিবন অভয়ৰাণ্যত বিচৰণ কৰি থকা গঁড়টোৰ অৱশেষত সন্ধান লাভ

 




ডিজিটেল ডেস্ক:হোলোঙাপাৰ গিবন অভয়ৰাণ্যত বিচৰণ কৰি থকা গঁড়টোৰ অৱশেষত সন্ধান লাভ কৰিবলৈ সক্ষম হয় বন বিভাগৰ লোক ।  গুৱাহাটীৰ পৰা এটা বিশেষ দলে ড্রন কেমেৰাৰ সহায়ত গড়টোৰ সন্ধান উলিয়াবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছিল যদিও | । সন্দেহ কৰা মতে , বজাল বাঁহৰ বাঁহনি এডৰাত গঁড়টোৱে আশ্ৰয় লৈ আছে ।অভিযানকাৰী দলটোৱে গঁড়টোৰ সন্ধান নাপালে যদিও অভয়াৰণ্যখনৰ গাতে লাগি থকা মেলেং লক্ষীপুৰ অঞ্চলৰ এজন লোকৰ ঘৰৰ চোতালত গঁড়টোৰ খোজ প্রত্যক্ষ কৰাৰ পিছতেই সমগ্ৰ অঞ্চলটোৰে ৰাইজৰ মাজত আতংকৰ ভাৱ বিয়পি পৰে । নিশাৰ ভাগত জনবসতিপূর্ণ অঞ্চললৈ যে গঁড়টো আহিছিল , সেই কথা জনাৰ পিছত অভিযানকাৰী দলটোৱে পুনৰ অভিযান চলায় ।  গঁড়ৰ খোজ প্ৰত্যক্ষ কৰাৰ পিছত দুটা গড় থকা বুলি সন্দেহ কৰা হৈছে যদিও সেই সম্পর্কে নিশ্চিত তথ্য লাভ কৰিব পৰা নাই । । । বন বিভাগৰ এটা সূত্ৰই জানিবলৈ দিয়া মতে , গঁড়টো অভয়াৰণ্যখনৰ মাজত থাকিলে অথবা তাত আশ্রয় ল’লৈ তেনেদৰেই থাকিবলৈ দিয়া হ’ব । জনাঞ্চললৈ ওলাই আহিলেহে ব্যৱস্থা গ্রহণ কৰা হ'ব বুলি বিভাগৰ সূত্ৰটোৱে জানিবলৈ দিয়ে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়টো কেনেৱাকৈ আহি গিবন অভয়াৰণ্যত প্ৰৱেশ কৰে.....

No comments